ASSAM TIMES POST
গুৱাহাটী : অহা ২৬মার্চত অনুষ্ঠিত হব লগা ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী চূড়ান্ত।প্ৰাক্তন কংগ্ৰেছী ভুৱনেশ্বৰ কলিতা হব বিজেপি প্ৰাৰ্থী।অসমৰ মুঠ তিনিখন আসনৰ বাবে অনুষ্ঠিত হব লগা নিৰ্বাচনত বিজেপিয়ে এখন আসন এৰি দিছে বিপিএফক।সেই অনুসৰি বিশ্বজিৎ দৈমাৰী হব বিজেপি সমৰ্থিত দ্বিতীয়খন আসনৰ বাবে প্ৰাৰ্থী।
ইফালে তৃতীয়খন আসনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাব নাই সেইয়া এতিয়াও চূড়ান্ত হোৱা নাই।কাৰণ ইতিমধ্যে বিৰোধীয়ে উমৈহতীয়া প্ৰাৰ্থী হিচাপে তৃতীয়খন আসনত থিয় কৰাব জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাক।













