ASSAM TIMES POST
গুৱাহাটী : বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আজিৰে পৰা কাৰ্যকৰি হোৱাকৈ পৰিষদীয় নিৰ্বাচনৰ বাবে জাৰি কৰিলে অধিসূচনা।এই কথা এক সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰিলে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে।আয়োগে প্ৰকাশ কৰা অনুসৰি মুঠ দহটা উপ শাখা আছে বিটিচি নিৰ্বাচনত।
মুঠ ৪০টা পৰিষদীয় সমষ্টিৰ বাবে অনুষ্টিত হব লগা নিৰ্বাচনৰ বাবে থাকিব মুঠ৩০৭৭ টা পুলিং ষ্টেচন। নিৰ্বাচনত মুঠ ভোটাৰ হব ২৩৮৬৩৫৯গৰাকী। ইতিমধ্যে চিনাক্ত কৰা হৈছে ৫২১টা পুলিং ষ্টেচন অতি স্পৰ্শকাতৰ হিচাপে।১০টা মহকুমাৰ বাবে দহ জন পয্যবেক্ষক কৰা হৈছে নিয়োগ।প্ৰায় ২৫ৰ পৰা ৩০হাজাৰ লোক জড়িত হব নিৰ্বাচনত।
৪এপ্ৰিলত পুৱা ৮বজা পৰা বিয়লি ৪বজালৈ হব ভোটদান। পৰিষদতোত পুৰুষ ভোটা সংখ্যা ১২০৯৪৬৮ বিপৰীতে মহিলা ভোটাৰ আছে ১১৭৬৮৮৭ গৰাকী। ইফালে এজন প্ৰাৰ্থীয়ে নিৰ্বাচনত নিজ সমষ্টিত প্ৰচাৰৰ নামত ৭লাখত কৈ বেছি ধন খৰছ কৰিব নোৱাৰিব।
ভোটগ্ৰহন সুচাৰুপে অনুষ্ঠিত কৰা বাবে প্ৰয়োজনীয় নিৰপত্তা ব্যৱস্থা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে।তাৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত সুৰক্ষা নিশ্চিত কৰাৰ বাবে অনুষ্ঠিত হৈছে বৈঠক।আনহাতে অবৈধ অস্ত্ৰ ক্ষেত্ৰতো কঠোৰ নিৰ্বাচন আয়োগ।তাৰ বাবে প্ৰতিজন আৰক্ষী অধিক্ষকক কঠোৰ হবলৈ নিৰ্দেশ প্ৰদান কৰিছে আয়োগে।













