ASSAM TIMES POST
গুৱাহাটী : চূড়ান্ত হ’ল ৰাজ্যসভা বিৰোধী উমৈহতীয়া প্ৰাৰ্থী জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ তিনিখন আসনৰ ভিতৰত এখন আসনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা। এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাৰ।
ইফালে মঙলবাৰে ছচিয়েল মিডিয়াৰ জৰিয়তে ৰাজ্যসভাৰ এখন আসনত নিৰ্দলীয় ভাবে প্ৰাৰ্থীত্ব আগবঢ়াব বুলি ঘোষণা কৰিছিল অজিত কুমাৰ ভূঞাই। ভূঞাই আনকি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা শাসকীয় পক্ষৰ বিধায়কৰো সমৰ্থন বিচাৰিছিল। লগতে বিৰোধী শিবিৰে তেওঁৰ নাম প্ৰাৰ্থী হিচাপে চৰ্চা কৰাৰ বাবে তেওঁ সন্তোষ প্ৰকাশ কৰে।













