ASSAM TIMES POST
আছিফ আলি
উত্তৰণ যাদুঘৰ মাত্ৰ এক পুৰণি সামগ্ৰীৰ সংগ্ৰহালয় নহয়,উত্তৰণ জ্ঞান-বিজ্ঞান-সংস্কৃতি-সমাজৰ এক যাত্ৰা।
ঐতিহাসিক সমল,সাংস্কৃতিক উপাদান, সামাজিক আহিলা,জীৱন ধাৰণৰ মাধ্যম, বিজ্ঞানৰ আশ্চৰ্য, প্ৰকৃতিৰ ৰেহৰূপ আদি সকলো এক ক্ৰমানুসাৰে ৰাখি থোৱা হৈছে এই যাদুঘৰত

এজন ব্যক্তিৰ লক্ষ্য কি হ’ব পাৰে!কি হ’ব পাৰে জীৱনৰ উদ্দেশ্য?এনে বিভিন্ন ব্যক্তি পৃথিৱীত আছে যি সকলৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য ব্যতিক্ৰম।তেনে এজন ব্যক্তি শিৱসাগৰৰ জয়সাগৰৰ দুৰ্লভ বৰা।দুৰ্লভ বৰাৰ লক্ষ্য আছিল এক যাদুঘৰ স্থাপন কৰা,আৰু আজি তেওঁ স্থাপন কৰা যাদুঘৰে সোতৰ বছৰ সম্পূৰ্ণ কৰিছে। আপুনি জীৱনত কিমানজন কৃচ্ছ্ৰসাধনা কৰা লোকক দেখিছে?এনে সাধনা কৰা।লোক বিৰল।তেন এগৰাকী লোক হৈছে শিৱসাগৰৰ দুৰ্লভ বৰা।বৰাৰ নামৰ দৰে তেওঁৰ কামো দুৰ্লভ।২০০৩ চনৰ আজিৰ দিনটোত তেওঁ স্থাপন কৰিছিল তেওঁৰ সপোনৰ বীজ।এক যাদুঘৰৰ লাইখুটা।মানুহে ঘৰৰ খটা স্থাপন কৰে,স্থাপন কৰে ৰাজহুৱা অনুষ্ঠানৰ আধাৰ,কিন্তু দুৰ্লভ বৰাই আজিৰ পৰা সোতৰ বছৰৰ আগত স্থাপন কৰিছিল উত্তৰণ যাদুঘৰৰ লাইখুটা।এই যাদুঘৰটোৱে আজি সোতৰ বছৰ সম্পূৰ্ণ কৰিছে।

উত্তৰণ যাদুঘৰ মাত্ৰ এক পুৰণি সামগ্ৰীৰ সংগ্ৰহালয় নহয়,উত্তৰণ জ্ঞান-বিজ্ঞান-সংস্কৃতি-সমাজৰ এক যাত্ৰা।ঐতিহাসিক সমল,সাংস্কৃতিক উপাদান, সামাজিক আহিলা,জীৱন ধাৰণৰ মাধ্যম, বিজ্ঞানৰ আশ্চৰ্য, প্ৰকৃতিৰ ৰেহৰূপ আদি সকলো এক ক্ৰমানুসাৰে ৰাখি থোৱা হৈছে এই যাদুঘৰত।স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনৰ তৰোৱাল, আহোম যুগৰ বিভিন্ন যুদ্ধ, ঘৰুৱা ব্যৱহাৰ, সমাজ-সংস্কৃতিৰ আহিলা আদিকে কৰি জৈৱ বৈচিত্ৰ্যৰ বিভিন্ন বিষয়,বিজ্ঞান আৱিষ্কাৰৰ ইতিকথা আদি সমূহ এই যাদুঘৰৰ আকৰ্ষণ।যাদুঘৰটোত সংৰক্ষণ কৰা হৈছে প্ৰায় ৬০০০-৭০০০ বিধ সামগ্ৰী।অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩৫০ টা পুখুৰীৰ পানী, শামুকৰ কণীৰ পৰা পূৰ্ণ বয়স্ক শামুকৰ খোলা,মাটি চাকিৰ পৰা এলইডি বাল্ব আদি বিভিন্ন বিষয়ৰ আকৰ্ষণীয় উপস্থাপন আছে এই যাদুঘৰত।কিহৰ মোহ আৰু তাড়নাত দুৰ্লভ বৰাৰ এনে চেষ্টা!!আহক শুনো তেওঁৰ মুখৰ পৰা।
এই তিনি মহলীয়া উত্তৰণ যাদুঘৰৰ ভৱনটোৰ প্ৰতি চপৰা ইটাই পৰশ পাইছে দুৰ্লভ বৰাৰ।কিয়নো উত্তৰণৰ পৰিকল্পনা আৰু নিৰ্মাণ তেওঁ নিজে কৰিছে।কোনো মিস্ত্ৰী-যোগালিৰ সহায় লোৱা নাই।ভৱনটোত ঠাই দিয়া সামগ্ৰী সমূহ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰে দুৰ্লভ বৰাই।সৰহ সংখ্যক বিনিময়ত অনা।কিছু ৰাইজে দান কৰা।দৰমহাৰ সৰহ ধন যাদুঘৰত বিনিয়োগ কৰা দুৰ্লভ বৰা সাহস তেওঁৰ পত্নী তৰামাই বৰা।স্বামীৰ প্ৰতিটো কামৰ সহচৰ এইগৰাকী মহিলা।দুৰ্লভ বৰাৰ সকলো কামত সমৰ্থন আৰু সহায় আগবঢ়াই তৰামাইয়ে। আজি উত্তৰণে ১৭ বছৰত ভৰি দিছে। উত্তৰণ এতিয়া পৰ্যটকৰ এক চিনাকি নাম। শিৱসাগৰ আহিলে পৰ্যটকে উত্তৰণত ভুমুকি মাৰে।উপভোগ কৰে উত্তৰণৰ অতিত-ভৱিষ্যতৰ সমাহাৰ। বুকুত কঢ়িয়াই নিয়ে দুৰ্লভ বৰাৰ অতি দুৰ্লভ প্ৰয়াস।













