ASSAM TIMES POST
শিৱসাগৰ : শিৱসাগৰ নগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলীত আছুৰ কেইবা শতাধিক সদস্যই অংশ গ্ৰহণ কৰে। আছুৰ এই বাইক ৰেলী সমগ্ৰ শিৱসাগৰ চহৰ পৰিভ্ৰমণ কৰাৰ পাছত দিচাংমুখ অঞ্চললৈ যায়।

অনাগত দিনত এনে ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে কেৱল চহৰ অঞ্চলতেই নহয় গ্ৰাম্যঞ্চলতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ কাৰ্যপন্থা হাতত লব বুলি আছুৰ নেতৃত্বই জানিবলৈ দিয়ে। আছুৰ এই বাইক ৰেলীত আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন, ছাত্ৰনেতা প্ৰদীপ বুঢ়াগোহাই, দিপাংকৰ শইকীয়া আদিকে ধৰি বহু নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।













