ASSAM TIMES POST
নিউজ ডেস্ক:

ক’ৰ’ণা ভাইৰাছৰ বাবে সমগ্ৰ পৃথিৱী এতিয়া কম্পমান৷ এই ভাইৰাছত আক্ৰান্ত হৈছে লাখৰো অধিক লোক৷ ক’ৰ’ণা ভাইৰাছৰ বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুজৰাট আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মণিপুৰ ভ্ৰমণ বাতিল কৰিছে৷ আনহাতে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা বাতিল কৰা হৈছে৷ লগতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰাবাস খালি কৰিবলৈ নিৰ্দেশ দিছে৷ খড়্গপুৰ আই আই টি ৩১ মাৰ্চ পৰ্যন্ত সকলো পাঠদান সূচী বন্ধ কৰা হৈছে৷ কেৰালা, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, হাৰিয়ানাৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ কৰা হৈছে৷ জে এন ইউ আৰু জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ পাঠদান ৩১ মাৰ্চ পৰ্যন্ত বন্ধ কৰা হৈছে৷ ১৫ এপ্ৰিল পৰ্যন্ত ভাৰত আৰু বাংলাদেশৰ মাজত চলাচল কৰা বাছ, ৰে’ল বন্ধ কৰা হৈছে৷ তদুপৰি চীন, দক্ষিণ কোৰিয়া, হংকং, ইটালী, কুৱেটৰ সৈতে বিমান চলাচল বন্ধ ৰখা হৈছে৷













