ASSAM TIMES POST
নগাঁও : কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ আবাসিক এলেকাত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা। মৰাপাট কলটোৰ আবাসিক এলেকাৰ এটা বাসগৃহত আজি পুৱাভাগত তেজেৰে লুতুৰি- পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী মহিলা আৰু তেওঁৰ তিনি কন্যা সন্তানৰ মৃতদেহ ।
আৰক্ষীয়ে সন্দেহ কৰা মতে, শনিবাৰে নিশা পত্নীসহ তিনি কন্যাক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰে জয়ন্ত কুমাৰ বৰ্মন নামৰ এজন লোকে । হত্যাকাণ্ড সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰে ঘাতক জয়ন্ত কুমাৰ বৰ্মনে । স্বামীৰ হাতত নিহত মহিলাগৰাকী হৈছে বজয়ন্তী বৰ্মন। আৰু নিহত তিনি কন্যা হৈছে ক্ৰমে নিকিতা বৰ্মন (১২), ভাস্বতী বৰ্মন (১০) আৰু নিবেদিতা বৰ্মন (৬) । উল্লেখ্য , নিকিতা আৰু ভাস্বতী সপ্তম আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আছিল ।
দেওবাৰে পুৱা মৰাপাট কলটোৰ চৌহদতে থকা মিল কলনিৰ লোকে আৰক্ষীক খবৰ দিয়াৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ এখন চুৰি উদ্ধাৰ কৰে। কলনীৰ একাংশ আবাসীৰ পৰা জানিব পৰা মতে মৰাপাট কলৰ কৰ্মচাৰী জয়ন্ত কুমাৰ বৰ্মনে নিয়মীয়াকৈ বেতন লাভ কৰিছিল যদিও জুৱা-তীৰ খেলত ডুব গৈ থকাৰ বাবে তেওঁ বিভিন্ন লোকৰ ওচৰত ধৰুৱা হৈ পৰে।আনহাতে ধাৰৰ বোজাই সৃষ্টি কৰা মানসিক অশান্তিতেই এই নৃশংস হত্যাকাণ্ডটো সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।













