ASSAM TIMES POST
নগাঁও : আজি সন্ধিয়া প্ৰায় আঠ মান বজাত নগাঁও চহৰৰ পাৰ্শৱৰ্তী ম’হখুলিত ড্ৰাগছ বিৰোধী অভিযান চলোৱা এটা আৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ চলায় ড্ৰাগছ মাফিয়াৰ এটা দলে। ড্ৰাগছ মাফিয়াৰ আক্ৰমণত লক্ষ্য জ্যোতি বৰা নামৰ এজন পুলিচ কণিষ্টবল আহত হয়।
আনকি ড্ৰাগছ মাফিয়াৰ দলে অভিযানকাৰী আৰক্ষী দলটোৰ নেতৃত্ব বহন কৰা সহকাৰী উপ পৰিদৰ্শক বিপ্লৱ কোঁৱৰৰ পিষ্টলটোও কাঢ়ি নিয়ে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, এক গোপন সূত্ৰৰ খবৰৰ ভিৰ্তিত আজি সন্ধিয়া ম’হখুলিৰ এম আই এন্টাৰপ্ৰাইজ নামৰ এক প্ৰতিষ্ঠানত ৰূপহী আৰক্ষী থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলাইছিল।আৰক্ষীয়ে প্ৰতিষ্ঠানটোত ড্ৰাগছৰ সন্ধানত এই অভিযান চলাইছিল।
কিন্তু ইয়াতে ক্ষুন্ন হৈ পৰে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰ জন।আভিযানকাৰী আৰক্ষীৰ দলটো ব্যৱসায়িক প্ৰতিষ্ঠানটোত প্ৰৱেশ কৰাৰ লগে লগেই স্বত্বাধিকাৰী ইমতাজ আলীয়ে ফোন কৰি একাংশ সতীৰ্থক মাতি আনে।পিছত তেওঁ লোকে প্ৰতিষ্ঠানটোৰ চাৰ্টাৰ খন বন্ধ কৰি লৈ অভিযানকাৰী আৰক্ষীৰ দলটোৰ ওপৰত জপিয়াই পৰে।
আক্ৰমণকাৰী দলটোৱে পুলিচৰ দলটোক আৱদ্ধ কৰি”ডকাইত, ডকাইত” বুলি চিঞৰি তেওঁ লোকক আক্ৰমণ কৰিবলৈ সকলোকে প্ৰৰোচিত কৰে।তেনে সময়তে আক্ৰমণ কাৰী দলটোৱে আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰৰ পিষ্টলটো কাঢ়ি লৈ পলায়ণ কৰে।আনহাতে দলটোৰ আক্ৰমণত কণিষ্টবল লক্ষ্য জ্যোতি বৰা আহত হয়।
এই ঘটণাৰ খবৰ পোৱাৰ পাছতনগাঁও আৰক্ষীৰ উচ্চ পদস্থ আৰক্ষী বিষয়া গৈ ঘটণাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।আৰক্ষীয়ে ড্ৰাগছ মাফিয়াৰ দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।ইপিনে ঘটণাস্থলীত চি আৰ পি মোতায়েন কৰা হৈছে।স্মৰ্তব্যযে,ৰূপহী আৰক্ষীয়ে অসামৰিক পোচাকত চলাইছিল এই অভিযান ।













