ASSAM TIMES POST
গুৱাহাটী, ১৮ মাৰ্চঃ “ৰাজ্যসভালৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে মই নির্বাচিত হোৱাটো বিগত চাৰি বছৰত ধনবল, বাহুবল থকা বিজেপিৰ প্ৰথমতো ব্যৰ্থতা। বিধায়ক কিনা-বেচাত অংক নিমিলা বাবে মোৰ জয় নিশ্চত হল”- গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যসভালৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা।
৩৫ বছৰ সাংবাদিকতা পিছত সংসদীয় ৰাজনীতিত যাবলৈ বাধ্য হ’লো বুলি উল্লেখ কৰি ভূঞাই কয়, “পূৰ্বতে যেতিয়াই চৰকাৰৰ দৃষ্টি অপৰাধী হৈ গ্ৰেপ্তাৰ হৈছোঁ প্ৰতিবাৰতে মোৰলৈ ৰাজনীতিত অংশগ্ৰহণ কৰা প্ৰস্তাৱ আহিছিল। প্ৰস্তাৱসমূহ গ্ৰহণ কৰা নাছিলোঁ। কিন্তু শেহতীয়াভাৱে বিৰোধী উমৈহতীয়া প্ৰাৰ্থী প্ৰস্তাৱ অহা পূৰ্বে অসমবাসীৰ ৰাইজে ৰাজ্যসভালৈ যোৱা প্ৰস্তাৱ আহিলে ন্যসাত নকৰিবলৈ আহ্বান জনাইছিল। সেই কথা ভাবিয়ে গুৰুত্বপূৰ্ণ এক সন্ধিক্ষণত উচ্চ সদনলৈ যোৱা কথাটো ন্যাসত নকৰিলোঁ”।
“বিজেপি সাম্প্ৰদায়িক স্থিতি, গণতন্ত্ৰৰ ৰক্ষা, সংবিধানৰ প্ৰশ্ন, ধৰ্ম নিৰপেক্ষতা ৰক্ষা পক্ষত কেতিয়াও আপোচ কৰা নাই আৰু নকৰো। য’তে সুযোগ পাইছো তাতে কা’ৰ বিৰূদ্ধে সংগ্রাম কৰিছোঁ। নিৰ্দিষ্ট বাধ্য-বাধকতাৰ মাজত থাকি সংসদৰ মজিয়াত তীব্ৰ ভাষাৰে কা’ৰ বিৰোধিতা কৰি যাম।”- ভূঞাই কয়।
আনহাতে, ২১ত বিৰোধী ঐক্যবদ্ধ গঢ়ি নুঠিলে বিজেপিক প্ৰতিহত কৰাটো সম্ভৱ নহ’ব বুলি উল্লেখ কৰি ভূঞাই কয় “বিৰোধীয়ে আগন্তক ২১ৰ বাবে আদৰ্শ প্ৰতিষ্ঠা কৰক আৰু ঘৃণা ভাৱ পৰিহাৰ কৰক”।
“হয়, কংগ্ৰেছৰ দিনটো অত্যাচাৰ সন্মুখীন হৈছিলোঁ কিন্তু তৰুণ গগৈ ১৫বছৰ শাসনত অত্যাচাৰ সন্মুখীন হোৱা নাই”-তাপৰ্য্যপূৰ্ণভাৱে ভূঞাই কয়।
এআইউডিএফ বিজেপি বাবে যি মোৰ বাবে সেয়াই নহয় বুলি উল্লেখ কৰি ভূঞাই আৰু কয় “জাতীয় জীৱনৰ সমস্যা লগত এআইউডিএফৰ সমৰ্থন আছে। বিজেপিয়ে ৭১কথা কৈ হিন্দুত্ববাদী ৰাজনীতিৰ স্বাৰ্থত এতিয়া ৫১কথা কৈছে। এআইইউডিএফ দলে কিন্তু অসম চুক্তিক বিৰোধিতা কৰা নাই। ঠিক একেদৰে এনআৰচিৰ উন্নীতকৰণত সমৰ্থন কৰিছে”।
গুৱাহাটী প্ৰেছ ক্লাবত সম্বোধন কৰা সংবাদমেলত উপস্থিত থাকে অসম নাগৰিক সমাজৰ হৈ জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু, অধিবক্তা শান্তনু ভৰালী, পৰেশ মালাকাৰ।












