ASSAM TIMES POST
গুৱাহাটী, ২১ মাৰ্চঃ বিশ্বত্ৰাস কৰ’না ভাইৰাছ সংক্ৰমণৰ পৰা ৰাজ্যবাসীক সুৰক্ষাৰ কৰি ৰখা বাবে উত্তৰ-পূৰ্ব সীমান্ত ৰে’লৱে আৰু ৰাজ্য স্বাস্থ্য বিভাগৰ ব্যাপক তৎপৰাত। ৰাজ্যৰ মূল দুৱাৰমুখ কামাখ্যা আৰু গুৱাহাটী ৰে’লৱে ষ্টেচনত কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কৰা হৈছে যাত্ৰীৰ পৰীক্ষা। ৰাজ্য আৰু বহি:ৰাজ্যিৰ পৰা অহা প্ৰতিগৰাকী যাত্ৰীক কৰা হৈছে স্বাস্থ্য পৰীক্ষা।
উল্লেখ যে, যিসকল যাত্ৰীৰ উষ্ণতা ১০০তকৈ অধিক লাভ কৰা হৈছে সেইসকল যাত্ৰীক কিছুসময় ৰখাই পুনৰ কৰা হৈছে পৰীক্ষা। যদি দ্বিতীয়বাৰ পৰীক্ষাতো যাত্ৰীগৰাকীৰ উষ্ণতা কমা নাই তেনে যাত্ৰীসকলক নিৰীক্ষণত ৰখা ব্যৱস্থা কৰা হৈছে। এইকথা জনালে কামাখ্যা ৰে’ল ষ্টেচনত স্বাস্থ্য পৰীক্ষাত নিয়োজিত হৈ থকা চিকিৎসক ড: নয়নমণি মহনে।
উল্লেখ যে, ৰাজ্যবাসীলৈ যাতে ভয়ংকৰ কৰ’না ভাইৰাছ সংক্ৰমন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ষ্টেচন দুটাত যোৱা ১৭ মার্চ পৰা কৰি থকা হৈছে স্বাস্থ্য পৰীক্ষা। অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু ৰে’লৱে স্বাস্থ্য বিভাগৰ উদ্যোগত চলিছে এই স্বাস্থ্যপৰীক্ষা অভিযান। গুৰুত্বপূৰ্ণ কথা এই যে স্বাস্থ্য পৰীক্ষাৰ কৰা বাবে তিনিটা শ্বিফ্টত ভগাই দায়িত্বসমূহ ভগাই দিয়া হৈছে। সেই অনুসৰি পুৱা ৭-২ বজালৈ, ২ বজা পৰা ৰাতি ১০ বজালৈ আৰু ৰাতি ১০ বজা পৰা পুৱা ৭ বজালৈ। পুৱা আৰু আবেলি পৰীক্ষাৰ দায়িত্বত ৰাজ্য স্বাস্থ্য বিভাগ। একেদৰে ৰাতি দায়িত্বত থাকে ৰে’লৱে স্বাস্থ্য বিভাগ।
দুয়োটা পৰীক্ষা কেন্দ্রত নিয়োজিত চিকিৎসাকর্মীসকলে প্ৰকাশ কৰা অনুসৰি বৰ্তমান সময়লৈকে পৰীক্ষা কৰা কোনো এগৰাকী যাত্ৰী দেহত ধৰা পৰা নাই কৰ’না ভাইৰাছৰ উপস্থিতি। শুক্ৰবাৰে গুৱাহাটী ষ্টেচনত তিনিগৰাকী আৰু কামাখ্যা ষ্টেচনত ১০গৰাকী যাত্ৰীক সন্দেহত নিৰীক্ষণত ৰখা হৈছিল। পিছত সকলো কেইজন যাত্ৰী দেহত ক’ৰনা উপস্থিতি পোৱা নগল।
উল্লেখ যে, বহিঃৰাজ্যিত কৰ্মৰত অধিকাংশ অসমৰ যুৱক বিগত কেইবাদিনো ধৰি ট্ৰেইনসমূহত অসমলৈ ঘূৰি আহিছে। তেনে যাত্ৰীসকলৰ ওপৰত অধিক গুৰুত্ব দিয়া বুলি নিয়োজিত চিকিৎসকসকলে জানিবলৈ দিছে।












