ASSAM TIMES POST
নিউজ ডেস্ক:

কৰ’না ভাইৰাচ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতাক জনোৱাৰ আহ্বানৰ প্ৰতি পূৰ্ণ সঁহাৰি উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱে। প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশবাসীৰ সুৰক্ষাৰ স্বাৰ্থত আহ্বান জনোৱা ‘জনতা কাৰ্ফিউ’ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱে দেওবাৰে সকলোবোৰ স্থানীয় যাত্ৰীবাহী ৰেল গাড়ী চলাচল বাতিল কৰিছে।এই কথা জানিবলৈ দিছে উত্তৰ-পূব সীমান্ত ৰেলৱে জনসম্পৰ্কৰক্ষী বিষয়া নিপেন ভট্টাচাৰ্য।বিষয়া গৰাকীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি “বিশ্বত্ৰাস কৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ইতিমধ্যে উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱে বহু কেইখন যাত্ৰীবাহী ৰেলগাড়ী চলাচল বাতিল কৰা হৈছে।প্ৰায় সংখ্যক স্থানীয় যাত্ৰীবাহী ৰেল গাড়ী বাতিল হৈছে।দেওবাৰে ১০০শতাংশ স্থানীয় যাত্ৰীবাহী ৰেল চলাচল বন্ধ হব”
দূৰ-দূৰণিৰ পৰা আহি থকা বা যাত্ৰা কৰি থকা অৰ্থাৎ দুৰনীৱতীয়া ৰেল গাড়ী সমূহ চলি থাকিব।ডিব্ৰুগড়-গুৱাহাটীৰ পৰা আজি ৰাতি যি সমূহ ৰেলগাড়ী দূৰণিলৈ যাব সেইসমূহ সময় মতে চলাচল কৰি থাকিব-ভট্টাচাৰ্য লগতে কয়।
তাৰ মাজতো গুৰুত্বপূৰ্ণ কথা এই যে কিছুমান দূৰনিলৈ যাব লাগে ৰেল গাড়ী দেওবাৰ দিনটোত বাতিল হব।তাৰ বাবে ইতিমধ্যে আলোচনা চলি থকা বুলি বিষয়া গৰাকীয়ে কয়।













