ASSAM TIMES POST
নিউজ ডেস্ক:
কৰ’না ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে তৎপৰা বাঢ়িছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ।গুৱাহাটীৰ ৰেল ষ্টেচনত অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই আজি উপস্থিত হৈ কৰ’না সংক্ৰমন প্ৰতিৰোধৰ ব্যৱস্থা তদাৰক কৰে।ৰেল ষ্টেচনটোত যাত্ৰী সকলক স্বাস্থ্য পৰীক্ষাৰ কৰা বাবে নিয়োজিত হৈ থকা চিকিৎসা কর্মী সকলৰ সৈতে কথা পাতে মন্ত্ৰী হাজৰিকাই।
লগতে যাত্ৰী সকলকো নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি ট্ৰেইন যাত্ৰা কৰিবলৈ আহ্বান জনায়।
গুৰুত্বপূৰ্ণ কথা এই যে ক’ৰনা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে আইচিইউ আৰু ভেন্টিলেচনৰ ব্যৱস্থা বৃদ্ধি কৰা বাবে আলোচনা চলি থকা বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি জিলা চৰকাৰী হাস্পতাল সমূহত আইচ’লেচন কক্ষ সাজু কৰা হৈছে বুলি জানিব দিয়ে মন্ত্ৰী হাজৰিকাই।

ৰাজ্য সকলো ব্যক্তিগত খণ্ড চিকিৎসালয়ক মন্ত্ৰী হাজৰিকাই নির্দেশ প্ৰদান কৰি কয় “ক’ৰনা ভাইৰাচৰ সৈতে যুজঁ দিবলৈ সাজু হওঁক।কোনো ব্যক্তিগত চিকিৎসালয়ে কৰ’না ৰোগী আহিলে চৰকাৰী চিকিৎসালয়লৈ পঠিয়াই দায়িত্ব সামৰিব নোৱাৰিব”।
যি সমূহ ফাৰ্মাচীয়ে নিৰ্ধাৰিত মূল্যত কৈ অধিক দামত মেক্স-হেণ্ড চেনিটাইজাৰ বিক্ৰী কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব বুলি মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।













