ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাজ্যত প্ৰথমজন ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ব্যক্তি পোহৰলৈ আহিল৷ যোৰহাটত এটি শিশু কন্যাৰ দেহাত ক’ৰ’ণা ভাইৰাছে আশ্ৰয় লোৱাটো শনিবাৰে নিশা জানিব পৰা গৈছে৷ যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত এই কন্যা শিশু ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাটো নিশ্চিত হয়৷
এই কন্যা শিশুৰ তেজৰ নমুনা লাহোৱালৰ আইচিএমআৰলৈ প্ৰেৰণ কৰা হৈছে৷ কাইলৈ বিয়লি এই বিষয়ে সবিশেষ জানিব পৰা যাব৷ যোৰহাটৰ পুলিবৰৰ এটি ৪.৫ বছৰীয়া শিশু এটিৰ দেহাত ক’ৰ’ণা ভাইৰাছে আশ্ৰয় লোৱাটো নিশ্চিত হয়৷ এই কন্যা শিশুটি পৰিয়ালৰ লোকৰ সৈতে বিহাৰৰ পৰা আহিছিল৷ ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা কন্যাগৰাকী ভগ্নী আৰু মাতৃৰ সৈতে যোৰহাটলৈ ১৯ মাৰ্চৰ দিনা আহিছিল৷ এএছএইচএ, এএনএম আৰু এমপিডব্লিউ কৰ্মীয়ে তেওঁলোকৰ ঘৰলৈ ২০ মাৰ্চত গৈছিল৷
তাৰ পাছতে তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্ত্তি কৰে৷ ইয়াৰ পাছতে শনিবাৰে তেওঁৰ শৰীৰ পৰীক্ষা কৰি সন্ধিয়া ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাটো জানিব পাৰে৷













