ASSAM TIMES POST
জিতেন বৰকটকী
সমগ্ৰ বিশ্বজুৰি আতংক সৃষ্টি কৰা মাৰাত্মক কৰোনা ভাইৰাছ কবিড-১৯ ৰ সংক্ৰমণক লৈ অসমবাসী আতংকিত হৈ থকাৰ সময়তে আজি পুৱা আহিল এটা সুখবৰ । কৰোনা ভাইৰাছ কবিড – ১৯ ত আক্ৰান্ত হোৱা নাই যোৰহাট পুলিবৰৰ চাৰেচাৰি বছৰীয়া কন্যা শিশুটি।
কন্যা শিশুটিৰ তেজৰ নমুনা পৰীক্ষা কৰি এই তথ্য সদৰি কৰিছে ডিব্ৰুগড় লাহোৱাল স্হিত আই চি এম আৰ পৰীক্ষাগাৰে। পৰীক্ষাগৰটোৰ এই প্ৰতিবেদনে বিশ্বজুৰি সৃষ্টি হোৱা এই দুৰ্যোগৰ সময়ত অসমবাসী কিছু হলেও আশ্বস্ত কৰে । উল্লেখ্য, কৰোনা ভাইৰাছ সংক্ৰমণৰ অতি মাৰাত্মক বিধ ভাইৰাছ হৈছে কবিড-১৯। যোৱা ১৯ মাৰ্চত বিহাৰৰ পৰা ৰেল যোগে পৰিয়ালৰ লোকৰ সৈতে যোৰহাট পুলিবৰ আহি পোৱা চাহ বাগিচাৰ কন্যা এই শিশুটিৰ দেহত ফুটি উঠিছিল কৰোনা সদৃশ ৰোগৰ লক্ষণ ।
সমান্তৰালকৈ শিশুটিৰ মাক আৰু সাত বছৰীয়া বায়েকৰ দেহতো ফুটি উঠিছে কৰোনা সদৃশ ৰোগৰ লক্ষণ । যোৰহাটৰ সেই অঞ্চলৰ দায়িত্বত থকা স্বাস্থ্য বিভাগৰ এ এছ এইচ এ ,এ এন এম আৰু এম পি ডব্লিউ কৰ্মীয়ে বিহাৰৰ পৰা অহা এই পৰিয়ালটোক বিচাৰি উলিয়াই যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্ত্তি কৰায়। চিকিৎসা মহাবিদ্যালয়খনত তিনিওজনকে আছুতীয়াকৈ ৰাখি পৰ্যবেক্ষণ কৰি থকা হৈছে ।
আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই কন্যা শিশুটি কৰোনা ভাইৰাছত আক্রান্ত হোৱা বুলি জনায় । অৱশ্যে কৰোনা ভাইৰাছ কবিড – ১৯ ত কন্যা শিশুটি আক্ৰান্ত হৈছে নে নাই সেই কথা নিশ্চিত কৰিবৰ বাবে শিশুটিৰ তেজৰ নমুনা লাহোৱালৰ আই চি এম আৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে । শেহতীয়াকৈ লাহোৱালৰ আই চি এম আৰ পৰীক্ষাগাৰে কন্যা শিশুটিৰ দেহত কবিড-১৯ ভাইৰাছৰ উপস্থিতি ‘নিগেটিভ’ বুলি স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে ।
এই তথ্য সদৰি হোৱাৰ পিছতে ৰাজ্যবাসীৰ শংকা দূৰ হয় যদিও এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে চৰকাৰ, প্ৰশাসন আৰু স্বাস্থ্য বিভাগে দিয়া পৰামৰ্শ আৰু যাৱতীয় নিয়ম মানি চলিবৰ বাবে সকলো লোককে বিভিন্ন ব্যক্তি-সংগঠনে আহ্বান জনাইছে।













