ASSAM TIMES POST
গুৱাহাটী, ২২ মাৰ্চঃ বিশ্বাত্ৰাস কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা জনতাৰ সান্ধ্য আইনলৈ পূৰ্ণ সঁহাৰি গুৱাহাটীবাসীৰ। সদাব্যস্ত গুৱাহাটী ৰাজপথ শূণ্য। জনশূন্য গুৱাহাটী ৰাজপথত চলাল কৰা নাই যান-বাহন। একমাত্ৰ জৰুৰীকালীন সেৱা বাহিৰে সকলো বন্ধ আছে গুৱাহাটীত।
চান্দমাৰী, গণেগুৰি, আমাবাৰী, ফাঁচী বজাৰ, জালুকবাৰী সকলো ৰাজপথত জনশূণ্য পৰিৱেশ। কোনো ব্যক্তি ওলাই অহা নাই ঘৰৰ পৰা।

উল্লেখ যে, ভয়াবহ ক’ৰনা ভাইৰাছে চিন্তিত কৰি তুলিছে মহানগৰীৰ লগতে ৰাজ্যবাসীক। বৰ্তমান সময়লৈকে দেশত কৰ’নাত আক্ৰান্ত ৰোগী সংখ্যা বৃদ্ধি হৈছে তিনিশতাধিক লৈ। অসম এই পৰ্যন্তলৈকে কোনো ব্যক্তিৰ দেহত ধৰা পৰা নাই কৰ’নাৰ উপস্থিতি। দেশত সৰ্বাধিক আক্রান্ত হৈছে পাইছে মহাৰাষ্ট্ৰ, তাৰ পিছতে আছে কেৰেলা।












