ASSAM TIMES POST
ডিফু : বিশ্ব কঁপাই থকা মাৰাত্মক কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীলৈ আহ্বান জনোৱা ১৪ ঘণ্টীয়া জনতা সান্ধ্য আইনৰ সৰ্বাত্মক প্ৰভাৱ পৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত ৷


আজি পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ হ’বলগীয়া সান্ধ্য আইনৰ প্ৰতি সকলো শ্ৰেণীৰ ৰাইজে সঁহাৰি জনাই নিজ ঘৰতে পৰিয়ালসহ নিজকে আৱদ্ধ কৰি লোৱাৰ লগতে চহৰখনৰ সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ, কাৰ্যালয়, অনুষ্ঠান প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধহৈ পৰে ৷ স্বাভাৱিকভাৱেই বন্ধ হৈ পৰে লঘু, গধুৰ সকলো ধৰণৰ যান- বাহনৰ চলাচল ৷
চহৰখনৰ মূল বাট-পথ, ঘাই পথসমূহো জনশূন্য হৈ পৰে ৷ আনহাতে, আজি পুৱা সুদূৰ চেন্নাইৰ পৰা অহা চেন্নাইছ এক্সপ্ৰেছ যোগে ডিফু ৰে’ল ষ্টেচনত নমা সকলো যাত্ৰীসকলক ষ্টেচনতে কৰ্তব্যৰত হৈ থকা স্বাস্থ্য বিভাগৰ কৰ্মীসকলে কৰ’না স্কেনিঙেৰে স্বাস্থ্য পৰীক্ষা কৰে ৷
স্বাস্থ্য কৰ্মী আৰু চিকিৎসকসকলে যাত্ৰীসকলক কিছুদিন ঘৰৰ আন সদস্যসকলৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ কাপোৰ-কানি, বয়-বস্তু আন সদস্যক স্পৰ্শ কৰিবলৈ নিদি এইবোৰ নিজে ধোৱা পখলা কৰি পৰিস্কাৰ-পৰিচ্ছন্ন থাকিবলৈ পৰামৰ্শ দিয়ে ৷ জানিব পৰা মতে চেন্নাইৰ পৰা যাত্ৰীসকল মাঞ্জা, লাংহিন আৰু ডিফুৰ বিভিন্ন স্থানত যাব বুলি জানিব পৰা গৈছে ৷













