ASSAM TIMES POST
গুৱাহাটী : ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰো’ণা ভাইৰাছে। দেওবাৰ ৰাতি ১০.৩০বজালৈ প্ৰকাশিত তথ্য অনুসৰি ক’ৰনাত আক্ৰান্ত সংখ্যা হৈছে গৈ ৩৯৬জন।
ইফালে, আজি দিনটোত এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে ৩জনে। মুঠ মৃত্যুৰ সংখ্যা হ’লগৈ ৭জন।
গুৰুত্বপূৰ্ণ কথা এই যে এই পৰ্যন্ত দেশৰ ২৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য ইতিমধ্যে আংশিক আৰু সম্পূৰ্ণৰূপে লক ডাউন ঘোষণা কৰা হৈছে।













