ASSAM TIMES POST
নিউজ ডেস্ক
হামাৰী কৰো’ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশবাসীক পুনৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। সামাজিক মাধ্যমৰ জড়িয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে “লক ডাউন একাংশ ব্যক্তিয়ে গভীৰভাৱে লোৱা নাই। কৃপা কৰি নিজৰ লগতে পৰিয়ালক ৰক্ষা কৰক নির্দেশ গুৰুত্বসহকাৰে পালন কৰক”।
এইক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহক আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে “জনতাক নিয়ম-কানুন পালন কৰাওক”।
উল্লেখ যে, সমগ্ৰ বিশ্বত ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰা কৰো’ণা ভাইৰাছে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে দেশত। ইতিমধ্যে দেশত সাত গৰাকীৰ আক্ৰান্ত মৃত্যু আঁকোৱালি লোৱা বিপৰীতে আক্রান্ত সংখ্যাই গতি কৰিছে চাৰি শতাধিক লৈ। দেশৰ সৰ্বাধিক আক্রান্ত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ, দ্বিতীয়তে আছে কেৰেলা।
উল্লেখ কথা এই যে শুভাগ্য ক্ৰমে এই পয্যন্ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধৰা পৰা নাই কৰো’ণা আক্রান্ত।













