ASSAM TIMES POST
নিউজ ডেস্ক
কৰো’ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মঙলবাৰৰ পৰা অসমত লক ডাউন ঘোষণা কৰাৰ সম্ভাৱনা। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ৰাজ্য চৰকাৰবোৰে ঘোষণা কৰিছে। মঙলবাৰৰ ৰাতি পৰা সম্পূৰ্ণ পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ৰাখিব লাগিব দোকান-পোহাৰ। বন্ধ থাকিব সকলো চৰকাৰী-বে চৰকাৰী কাৰ্যালয়।
সম্পূৰৰ্ণৰূপে বন্ধ থাকিব ৰাজহুৱা পৰিবহণ ব্যৱস্থা। প্ৰতিখন ৰাজ্য চৰকাৰলৈ কেন্দ্ৰই জাৰি কৰিলে এই নির্দেশ।
উল্লেখ যে, বিশ্বত মহামাৰীৰূপ ধাৰণ কৰা কৰো’ণা ভাইৰাছে শেহতীয়াভাৱে ভাৰততো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সেই ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে অসমত এই লক ডাউনৰ। এই সময়ছোৱাত কোনো ব্যক্তিয়ে যদি অমান্য কৰে তেন্তে তেনে ব্যক্তি বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণ কৰা হ’ব বুলি উল্লেখ আছে কেন্দ্ৰই জাৰি কৰা এই নির্দেশনাত ।
ইফালে, অসমৰ বহু জিলাত জিলা উপায়ুক্তই জিলসমূহৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানৰ বাহিৰে সকলো দোকান-পোহাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিছে। লগতে আজি আবেলি তিনি বজাত মুখ্যমন্ত্ৰী সোণোৱাল চৰকাৰে কেবিনেৰ বৈঠকৰ পিছত লক ডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।













