ASSAM TIMES POST
অজন্তা তালুকদাৰ, বােকাখাত: বােকাখাতৰ অন্যতম আগশাৰী স্ত্ৰী শিক্ষানুষ্ঠান বােকাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয় কর্তৃপক্ষই শিক্ষানুষ্ঠানখনৰ অধ্যয়ণৰত ২৮৭ গৰাকী শিক্ষার্থীক ৱাটচ্ এপ আৰু গুগল এপৰ জড়িয়তে শিক্ষা প্রদান কৰি আহিছে। উল্লেখ্য যে বিশ্ব সন্ত্রাসিত কৰােণা ভাইৰাছৰ পৰা শিক্ষার্থী সকলক সুৰক্ষিত কৰি ৰাখিবলৈ অসম চৰকাৰে ১৫ মাৰ্চৰ পৰাই বিদ্যালয় সমূহ বন্ধ কৰি ৰাখিছে। শিক্ষাৰ্থী সকলেও শিক্ষানুষ্ঠান বন্ধ থকাত ঘৰতে থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে।
ফলত এই সকল শিক্ষার্থীৰ মূল্যবান ভৱিষ্যতৰ কথা গুৰুত্ব সহকাৰে লৈ বােকাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্রধান শিক্ষক ডিম্বেশ্বৰ গগৈৰ সহিতে শিক্ষক-শিক্ষয়িত্ৰী সকলে শিক্ষাদানৰ এক বিকল্প পথ চিন্তা কৰে। তেনেতে অসমৰ অন্যতম দক্ষ শিক্ষা বিষয়া বুলি পৰিচিত গোলাঘাট জিলা শিক্ষা বিষয়া ড° সমীৰণ বৰাই ৱাটচ্ এপ যােগে শিক্ষা দানৰ পৰামর্শ প্রদান কৰে বিদ্যালয় সমূহলৈ। সেই অনুসৰি বােকাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ে প্রথম পর্যায়ত জ্ঞান সাধনা আৰু বিদ্যালয় নামেৰে দুটাকৈ আৰম্ভ কৰে। তেনেদৰে ২১ মাৰ্চৰ পৰা পাঠদান আৰম্ভ কৰে শিক্ষক-শিক্ষয়িত্ৰী সকলে। এই বিকল্প শিক্ষাৰ প্ৰতি শিক্ষাৰ্থী সকলৰ আগ্ৰহ দেখি সকলো শ্ৰেণীৰ শিক্ষাৰ্থীৰ সুবিধাৰ্থে জ্ঞানসাধনা, পঢ়াশালী, পাঠশালা নামৰ আন তিনিটা ৱাটচ্ এপ গ্রুপ খােলে।
আকৌ পৰবৰ্তী পৰ্যায়ত বিদ্যালয়ৰ দশম শ্রেণীৰ শিক্ষার্থী সকলৰ বিদ্যায়তনিক দিশটোৰ অধিক উন্নতি সাধনৰ লক্ষ্য আগত ৰাখি ডিজিটেল ক্লাচ ৰুম অর্থাৎ গুগল ক্লাচ ৰুম এপৰ জড়িয়তে শিক্ষা প্রদান আৰম্ভ কৰে। শিক্ষার্থী সকলক ৱাটচ্ এপত দৃশ্য শ্রব্য, স্থিৰচিত্র আৰু ভিডিঅ কলিং এই তিনিটা মাধ্যমৰ জড়িয়তে পাঠদান কৰি আছে বিদ্যালয়খনিৰ শিক্ষাগুৰু সকলে। উল্লেখ্য যে বােকাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষার্থী সকলে গুগল ক্লাচ ৰুম এপ বা ৱাটচ্ এপৰ দৰে দূৰসংযােগেৰে শিক্ষা গ্রহণ কৰি থাকিলেও শিক্ষানুষ্ঠানত উপস্থিত থকাৰ দৰে হয়।
কিয়নাে শিক্ষাৰ্থীসকলে নুবুজা বিষয়টো পোনে পোনে সুধিব পাৰে আৰু লগে লগে শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীয়ে সেই বিষয়ত ভিডিঅ’ কলিং বা দৃশ্য শ্ৰব্যৰ মাধ্যমেৰে বুজাই দিয়ে। শিক্ষার্থী সকলৰ গৃহকর্মৰ প্রশ্নোত্তৰ সমূহাে ৱাটচ এপ গ্রুপ বা গুগল ক্লাচ ৰুম এপৰ জড়িয়তে শিক্ষাগুৰু সকলে পৰীক্ষণ কৰি দিয়ে। ইফালে ১০ এপ্রিলৰ পৰা পুণৰ জুম মিটিং এপৰ জড়িয়তে পাঠদান আৰম্ভ কৰিছে। উল্লেখ্য যে দিব্যজ্যোতি ঢেকিয়াল ফুকন; পংকজ বৰাৰ তত্ত্বাবধানত খুব সুন্দৰভাৱে ব্যতিক্রমী শিক্ষাব্যৱস্থাটো চলি আছে।
সাংবাদিকে এগৰাকী দশম শ্রেণী শিক্ষার্থীৰ লগত যােগাযােগ কৰি জানিব বিচৰাত ছাত্ৰীগৰাকীয়ে কলে যে ৱাটচ্ এপ বা গুগল ক্লাচ ৰুম এপৰ জড়িয়তে আমাৰ শিক্ষাগুৰু সকলে যিমান সুন্দৰকৈ পাঠদান কৰি আহিছে তাত কোনাে তেওঁলোক অসুবিধা সম্মুখীন হােৱা নাই, অধিক লাভাম্বিত হৈছে আৰু এক নতুন মাধ্যমেৰে শিক্ষাগ্রহণ কৰি থকাত অন্য এক সুখানুভূতিও লাভ কৰিছে।
উল্লেখ্য যে প্রধান শিক্ষক ডিম্বেশ্বৰ গগৈয়ে শিক্ষয়িত্ৰী সকলৰ বাবেও শিক্ষার্থীক পাঠদানৰ এখন সময়সূচী তৈয়াৰ কৰি দিছে আৰু সেই সময় অনুযায়ী ইংৰাজী বিষয়ত দিব্যজ্যোতি ঢেকিয়াল ফুকন, কুসুম গগৈ, পংকজ বৰা, অসমীয়া বিষয়ত বাসন্তী ফুকন, মানসী বৰা, দিব্যজ্যোতি ঢেকিয়াল ফুকন, হিন্দী বিষয়ত মীৰাঞ্জলী কালােৱাৰ, বাসন্তী ফুকন, জ্ঞানবাহাদুৰ ছেত্রী, সমাজ বিজ্ঞান বিষয়ত পংকজ বৰা, অসীম বৰা, অপৰাজিতা কোঁৱৰ, সাধাৰণ বিজ্ঞান বিষয়ত জুবেদা বেগম, স্নিগ্ধা দত্ত, ডোলেনজিৎ শইকীয়া, দিব্যজ্যোতি ঢেকিয়াল ফুকন, সাধাৰণ গণিত- স্নিগ্ধা দত্ত, অসীম বৰা, মিহিৰ কাকতি, ডােলেনজিৎ শইকীয়া, আই.টি বিষয়ত মিহিৰ কাকতি, ৰিটেইল টেইড বিষয়ত কমল মেধিয়ে পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈকে এই মাধ্যমেৰে পাঠ কৰি আছে। ইফালে শিক্ষার্থীৰ অভিভাৱক বৃন্দও বিদ্যালয় খনৰ শিক্ষাগুৰু সকলৰ শিক্ষার্থীৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যবোধ দেখি সন্তোষ প্ৰকাশ কৰিছে।













