ASSAM TIMES POST
বােকাখাত : ২১ দিনীয়া ৰাষ্ট্ৰজোৰা লকডাউনৰ ফলত বােকাখাত মহকুমাৰ অধীনৰ মহুৰা মৌজাৰ অন্তৰ্গত বৃহত্তৰ কাৰগাঁও অঞ্চলত খাদ্য সংকট দেখা দিয়াত শ্রমজীৱি পৰিয়ালক হৃদয়বান লোক, দল-সংগঠন, অনুষ্ঠান-প্রতিষ্ঠানৰ খাদ্য সামগ্রী, শাক-পাচলি, নিত্য প্রয়ােজনীয় সামগ্রী প্রদান কার্যসূচী অব্যাহত আছে।
আজি ন-পমুৱা যুৱ সমাজে দিব্যজ্যোতি লিলাই বৰবৰা, চিন্ময় বৰবৰুৱা, দদৌ বাৰুকিয়াল আৰু মায়শ্রী বৰবৰাৰ নেতৃত্বত সমাজকর্মী আকাশ ফুকনৰ সহযােগত কমাৰগাঁও অঞ্চলৰ ১০০ টি পৰিয়ালৰ মাজত বিভিন্ন ধৰণৰ শাক-পাচলি প্রদান কৰে। আকৌ ধােদাং গাঁও নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক থানেশ্বৰ বৰাই পেঞ্চনৰ ধনেৰে ১৪ বিধ খাদ্য সামগ্ৰীৰে গাঁওখনৰ কুৰিটা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্রীৰ সাহায্য প্রদান কৰে।
ইফালে অসম গণ পৰিষদৰ মধ্য মহুৰা আঞ্চলিক সমিতিয়ে প্রায় ৫০০ টা পৰিয়ালক শাক-পাচলি প্রদান কৰে। উল্লেখ্য যে লক-ডাউনৰ ফলত শাক-পাচলিৰ খেতিয়কে ফচল বিক্রি কৰিব নােৱাৰি হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। এই সকল কৃষকক কিছু সকাহ দিয়াৰ মানসেৰে খেতিপথাৰৰ পৰা সাক-পাচলি সমুহ কিনি আনি আর্তজক প্রদান কৰি দুয়ােপক্ষকে সকাহ দিয়ে।
অসম গণ পৰিষদৰ মধ্য মহুৰা আঞ্চলিক সমিতিৰ সভাপতি প্রদীপ দাস, সম্পাদক দিলিপ গোঁহাই, ব্ৰজেন গগৈ, ডিম্পল ঢেকিয়াল ফুকন, বােধেশ্বৰ হাজৰিকা, গােবিন সােণােৱাল, চাংকু বৰবৰুৱা, মধ্য মহুৰা গাঁও পঞ্চায়তৰ সভাপতি তেজস্বী ফুকনে এই কাৰ্যসূচী সমাপন কৰে।













