ASSAM TIMES POST
আছিফ আলি
শিৱসাগৰ : শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰীত ৰাইজৰ উদ্যোগত ছেনিটাইজেচন অভিযান। বেতবাৰী অঞ্চলৰসমূহ যুৱক বৃন্দ একত্ৰিত হৈ আজি বেতবাৰী আলিমুৰৰ পৰা সমগ্ৰ অঞ্চলটোত যুৱকসকলে সমূহীয়া প্ৰচেষ্টাত বীজাণু নাশক স্প্ৰে কৰে। কোভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে অঞ্চলটোৰ যুৱকসকলে সমূহীয়া প্ৰচেষ্টাৰে এই অভিযান চলাই। অঞ্চলটোত চৰকাৰীভাৱে বিশেষ কোনো পদক্ষেপ গ্ৰহণ নকৰা হেতুকে বাধ্য হৈ যুৱক সমাজে এই অভিযান চলাই।













