ASSAM TIMES POST
অজন্তা তালুকদাৰ
গুৱা-পাণৰ অসমীয়া সংস্কৃতিৰ পৰম্পৰা এতিয়া প্ৰায় এলাগী হোৱাৰ পথত। গুৱা-পাণেই কিয়, অসমীয়াৰ গৌৰৱ, সমৃদ্ধিৰ ভড়াল বাৰীখনৰ ঠাই ল’লে বজাৰে। তাক মৰ্মে মৰ্মে উপলদ্ধি কৰালে একৈশ শতিকাত বিশ্বৰ লগতে অসমীয়াকো আতংকত জীয়াতু ভোগোৱা কৰ’ণাই। নহ’লেনো গেলি যোৱা মেটমৰা পাচলিৰ পথাৰখন আগত লৈও পাচলিৰ অভাৱত অসমীয়া ভোগে নে! গৰু বিহু, মানুহৰ বিহুৰ সকলো উপকৰণ হাত মেলিলেই উপলব্ধ হোৱাৰ সেই দিন এতিয়া আৰু নাই।
তামোল-পাণ, থেকেৰা বেঙেনা, দীঘলটি, মাখিয়তি , হালধি, কেতুৰী আদি সকলো বস্তু বৰ্তমান বজাৰৰ উচ্চ দৰৰ বিক্ৰয় সামগ্ৰী হোৱাত আৰু বৰ্তমান কৰ’ণা সন্ত্ৰাসৰ বাবে বজাৰ বন্ধ হোৱাৰ সুবিধা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে সুযোগ-সুবিধাৰ বেপাৰ। কৰুণাক্ৰান্ত এই দুৰ্দিনত আজি বোকাখাতৰ গেলামালৰ দোকান সমূহৰ লগতে দৈনক বজাৰৰ ভালেকেইখন জা-জলপানৰ দোকানো খুলিছে। সামাজিক দূৰত্বৰ বাধা নিষেধ পাহৰি দোকান সমূহত বাঢ়িছে ভীৰ। কালি স্বয়ং যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰী গোলাঘাটলৈ আহি কোনো বয়বস্তুৰ দাম বৃদ্ধি কৰিব নোৱাৰিব বুলি হুংকাৰ দিয়াৰ পাছতো কেৰেপ কৰা নাই ব্যৱসায়ীয়ে।
তামোলৰ পোণত ১৫০ ৰ পৰা ২০০ টকা, পাণ গুচিত ২৫ টকা, চিৰা, বৰা চকোৱাৰ ৮০ পৰা ১২০ টকা, গুড় ৮০ টকা, তিল ১৮০ ৰ পৰা ২০০। ইফালে আকাশলংঘী দাম পাচলিৰ। উল্লেখ্য যে কেইদিনমান স্থানীয় পাচলি বিক্ৰী কৰাৰ নামত প্ৰশাসনৰ পৰা অনুমতি উলিয়াই নিশা নগাঁৱৰ পাচলি বিক্ৰীৰ তথ্য পোহৰলৈ অহাত প্ৰশাসনে বন্ধ কৰিছিল পাচলি বিক্ৰী। তাৰ পাছতো বোকাখাতত বাহিৰৰ পাচলি বিক্ৰী হৈ থকাৰ অভিযোগ আহিছে। বোকাখাতৰ কৃষকে আজিৰ তাৰিখত জিকা আৰু পটল উৎপাদন কৰি বিক্ৰী কৰিব পৰা নাই বুলি অভিযোগ অহাৰ হেতুকে এই সমূহ পাচলিক স্থানীয় বুলি কোৱাৰ থল কিমান বুলিও অভিযোগ উঠিছে।
কালি স্বয়ং কৃষি মন্ত্ৰীয়ে কাজিৰঙাত বোকাখাতৰ সাংবাদিকক পাচলিৰ নাটনি নহয় বুলি আস্বস্ত কৰিছিল যদিও বৰ্তমান বোকাখাতৰ বহু থলুৱা কৃষকে নিজ উৎপাদিত কৃষিজাত ফচল বিক্ৰী কৰিব পৰাকৈ বজাৰ আৰু সুবিধা লাভ কৰা নাই। জানিব পৰা মতে নগাঁও জিলাৰ পৰা বোকাখাত অভিমুখে অহা পাচলিবাহী যান-বাহন সমূহ কেইদিনমানৰ পৰা জখলাবন্ধাত আৱদ্ধ কৰি ঘূৰাই পথিওৱা হৈছিল যদিও কেনেকৈ বৰ্তমানো বোকাখাতৰ বজাৰত এই পাচলি উপলব্ধ হৈছে আৰু এই অভিযোগৰ ভিত্তি কিমান তাক লৈ সচেতন মহলৰ মাজত চৰ্চা চলিছে।
কৰ’ণা ভাইৰাচ সংক্ৰমণৰ তীব্ৰ আশংকা ঘনীভূত হৈ থকাৰ সময়তে এনে দুস্কাৰ্যই যে বোকাখাতবাসীলৈ বিপদ মাতি আনিব সি নিশ্চিত। বোকাখাতৰ মৰিয়াহোলা চাপৰিত বিক্ৰীৰ অনুমতি নোপোৱা কৃষকে টনে টনে বিলাহী নষ্ট কৰাৰ সময়ত বোকাখাতৰ বজাৰত বিলাহী বিক্ৰী হৈছে ২০ টকা দৰত। সেইদৰে ভেণ্ডি ৬০ টকা, পটল ১০০ টকা, বেঙেনা ৪০ টকা, কেপচিকাম ১২০ টকা, জলকীয়া ১২০ টকা, জিকা ৮০ টকা, নেমু গোটে ১০ টকা দৰত বিক্ৰী হৈছে। এনেদৰে লক-ডাউনৰ সময়ত স্থানীয় কৃষকৰ উৎপাদিত সামগ্ৰীৰ উপযুক্ত বজাৰ, বজাৰলৈ নিয়াৰ ব্যৱস্থা, শীতলীকৰণ আৰু সংৰক্ষণ কৰা, পাচলিৰ উপযুক্ত দৰ নিৰ্ধাৰণ কৰা আদি বিষয়ক লৈ চিন্তাত পৰিছে বোকাখাতৰ চৰ চাপৰিৰ শিক্ষিত অসমীয়া যুৱক।













