ASSAM TIMES POST
গুৱাহাটীঃ লকডাউনৰ মাজতে সুৰা বিপনী খোলাৰ পিছত মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। সংকটজনক অৱস্থাত এজনক প্ৰেৰণ কৰা হৈছে গুৱাহাটীৰ মেডিকেল কলেজ চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগলৈ। প্ৰাপ্ত খবৰ অনুসৰি এএছ-০১-ইএফ-৯৫১৩নম্বৰৰ এখন মটৰ চাইকেলেৰে পিছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে এএছ-০১-ইই-৩১১১ নম্বৰৰ এখন হোণ্ডাই গ্ৰেণ্ড আইটেন গাড়ীত। উল্লেখ যে, সুৰাসক্ত অৱস্থাত আছিল বাইক আৰোহীজন। বৰ্তমানলৈকে আৰক্ষীয়ে পৰিচয় লাভ কৰা নাই বাইক আৰোহনীজনৰ।
গুৰুত্বপূৰ্ণ কথা এই যে, সুৰাৰ বিপনী খুলাৰ পাছতেই মহানগৰীত এইটো প্ৰথম দুৰ্ঘটনা।













