ASSAM TIMES POST
যোৰহাটঃ ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লকডাউন অব্যাহত আছে৷ এইবাৰৰ ৰঙালী বিহু অসমীয়া ৰাইজে পালন কৰিব পৰা নাই যদিও ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ যুঁজত সংগ্ৰাম অব্যাহত ৰাখিছে ৷ লকডাউনৰ সময়ত দৰিদ্ৰ লোকৰ সাহায্যৰ বাবে আৰু ৰঙালী বিহুত সুখেৰে এসাঁজ খোৱাৰ সুবিধা কৰিবৰ বাবে যোৰহাটৰ অন্নদাতা অন্নপূৰ্ণা ফাউণ্ডেচনে মঙলবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰে৷
অন্নদাতা অন্নপূৰ্ণা ফাউণ্ডেচনৰ সদস্যসকলে মঙলবাৰে যোৰহাটৰ চেঙেলী গাঁও আৰু কলাখোৱা, কালিয়া, কান্দনি, পূৱ কলাখোৱাৰ লগতে বড়িগাঁৱৰ প্ৰায় ১৫০টা দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, দাইল, আলু, মিঠাতেল, হালধি, নিমখ আদি বিতৰণ কৰে ৷ অন্নদাতা অন্নপূৰ্ণা ফাউণ্ডেচনৰ নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে দৰিদ্ৰ ৰাইজক এনেদৰে খাদ্য সামগ্ৰী বিতৰণ কৰাত বিভিন্নজনে ভূয়সী প্ৰশংসা কৰিছে৷
উল্লেখ্য যে, এই স্বেচ্ছাসেৱী সংগঠনটোৱে ইয়াৰ পূৰ্বে যোৰহাটৰ বিভিন্ন এলেকাৰ দৰিদ্ৰ লোকক লকডাউনৰ সময়ত খাদ্য সামগ্ৰী বিতৰণ কৰি ক’ৰ’ণাৰ প্ৰতিৰোধৰ যুঁজত পদক্ষেপ আগবঢ়াই আহিছে৷ স্বেচ্ছাসেৱী সংগঠনটোৱে জনসাধাৰণক সামাজিক দূৰত্ব ৰক্ষা কৰি সামগ্ৰী বিতৰণ কৰাৰ সময়ত ক’ৰ’ণাৰ বিৰুদ্ধে যুঁজত কিদৰে নিজকে জড়িত কৰিব পাৰে সেই বিষয়ে বুজাই দিয়ে৷













