ASSAM TIMES POST
সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ৰনা ভাইৰাছ সংক্রমনৰ প্ৰতিৰোধৰ বাবে চৰকাৰে লক ডাউন ঘোষণা কৰাৰ পিছতেই এতিয়া নিৰাপত্তাৰ দিশত সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন।
দৈনিক হাজিৰা কৰি কোনোমতে পৰিয়াল পুহি অহা দৰিদ্ৰ লোকসকলৰ বাবে এইসময় ছোৱা অতিকৈ দুঃসময়। লকডাউনৰ এই সময়ছোৱাত যাতে এইসকল অতি দৰিদ্ৰ লোকে খাদ্যৰ অভাৱত ভূগিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি দৰঙৰ জনপ্ৰিয় যুৱনেতা হুমায়ুন কবিৰ আৰু টীম হুমায়ুন কবীৰ”ৰ নেতৃত্বত পানবাৰীকে আদি কৰি বিভিন্ন অঞ্চলৰ দৰিদ্ৰলোকৰ মাজত বিতৰণ কৰিলে ফল-মূল ORSL, খাদ্য সামগ্ৰীৰ লগতে যোগান অত্যাৱশ্যকীয় সামগ্ৰী।
দৰিদ্ৰ লোকসকলৰ ঘৰে ঘৰে উপস্থিত হৈ চাবোনেৰে হাত ধুই সামাজিক দূৰত্ব তথা 1 মিটাৰ দূৰৰ পৰা খাদ্য সামগ্ৰীসমূহ গ্ৰহণ কৰে। সামগ্ৰীসমূহ বিতৰণ কৰাৰ লগতে ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা নীতি নিৰ্দেশনা মানি চলি নিজৰ লগতে পৰিয়াল আৰু দেশক সুৰক্ষিত কৰাত চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনায়। যুৱনেতাগৰাকীৰ এনে কামক সমাজ মাধ্যমত বহুতেই প্ৰশংসা কৰিছে।













