ASSAM TIMES POST
নগাঁও : শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উচবৰ মধু আলোড়ন – “মৃদু কন্ঠ স্বৰত পৰিবেশিত হ’ল পুৰুষোত্তম দাসে ৰচনা কৰা এই কালজয়ী গীতটো। নগাঁও চহৰৰ কলঙৰ বাকৰি ৰত্নকান্ত বৰকাকতী বিদ্যালয় খেল পথাৰত এই গীতৰ ধ্বনিৰ লগে লগে উত্তোলন কৰা হয় ৫৮ সংখ্যক পূব নগাঁও ৰঙালী বিহু উৎসৱৰ পতাকাখনি।


আজি পুৱা ৯ বজাত লকডাউনৰ নীতি নিৰ্দেশনা মানি আৰু প্ৰায় সমগ্ৰ বিশ্বত ভয়াবহ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মাথোঁ সাতজনমান সদস্য সমবেত হোৱা পূব নগাঁও ৰঙালী বিহু উৎসৱৰ পতাকা উত্তোলন কৰে বিহু উৎসৱৰ মুখ্য পৃষ্ঠপোষক তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। জনশূন্য খেলপথাৰখনত বিহুৰ পতাকাখনি উত্তোলন কৰি বিহু উৎসৱৰ মুষ্টিমেয় বিষয়ববীয়া কেইজনৰ আগত বিধায়ক শৰ্মাই কয় যে ৰঙালী বিহু বুলিলে প্ৰতিজন অসমীয়াৰ মন প্ৰাণ উতলা হয়। দুৰ্ভাগ্যৰ বিষয় যে সময়ৰ আহ্বানত আজি আমি একত্ৰিত হৈ বিহুটো ৰাজহুৱাভাৱে উদযাপন কৰাৰ পৰা বঞ্চিত হ’বলগা হৈছে ।
তথাপিও নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমি অতি সোনকালে বৰ্তমান অৱস্থাৰ পৰা পৰিত্ৰাণ পাম। পুনৰ ভাল দিন ঘূৰি আহিব। এন্ধাৰ আতৰি আকৌ নতুন প্ৰভাত হ’ব। ন-ব’হাগত আমাৰ সকলোৰে এয়ে কামনা। বিহুৰ পতাকা উত্তোলন কাৰ্যসূচীত বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি সীমান্ত বৰা, সাধাৰণ সম্পাদক ত্ৰিদিপ বৰুৱা, বিহু উৎসৱ সমিতিৰ সম্পাদক যতীন্দ্ৰ কুমাৰ দাসেও অংশগ্ৰহণ কৰে।
উল্লেখ্য যে, অসমৰ জাতীয় উৎসৱৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি নগাঁও চহৰৰ পূব আমোলাপট্টি অঞ্চলতস্হিত ৰত্নকান্ত বৰকাকতী বিদ্যালয় খেলপথাৰত প্ৰতি বছৰে ৰাজহুৱাভাৱে অনুষ্ঠিত হৈ অহা পূব নগাঁও ৰঙালী বিহু উৎসৱে এইবেলি ৫৮ সংখ্যক বৰ্ষত পদাৰ্পণ কৰিলে। কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমাজিক দূৰত্ব বৰ্তাই এইবেলি বিহুখনিৰ একমাত্ৰ কাৰ্যসূচী হিচাপে মাথোঁ পতাকা উত্তোলনক অন্তৰ্ভুক্ত কৰা হৈছে।
আনহাতে, পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিলেও আজি অঞ্চলটোৰ প্ৰতিঘৰ মানুহে পতাকা উত্তোলনৰ সময়ত নিজ নিজ বাসগৃহৰ সন্মুখত অসমীয়া জাতিৰ আদৰ আৰু আভিজাত্যৰ প্ৰতীক এখনকৈ গামোচা প্ৰতিকী ৰূপত উত্তোলন কৰি বিহু উৎসৱখনৰ প্ৰতি নিজৰ সন্মান আৰু আস্হা প্ৰদৰ্শন কৰে।













