ASSAM TIMES POST
অজন্তা তালুকদাৰ
বোকাখাত : অনাগত মৌচুমীৰ বতৰা দি যেন প্ৰকৃতিৰ প্ৰচণ্ড শক্তিৰ ওচৰত পুনৰ মানৱ সভ্যতাক নতজানু হ’বলৈ বাধ্য কৰিলে আজিৰ এজাক ধুমুহাই। বৃষ্টি বিহীন কেৱল সমুদ্ৰ সদৃশ ধূলিৰ ঢৌৰে কালান্তক ৰূপত প্ৰতি ঘণ্টাত স্বাভাৱিকতকৈ অধিক বেগেৰে প্ৰৱাহিত এজাক ধুমুহাই অসমৰ বহুকেইখন জিলাৰ লগতে লগতে আজি দিনটোৰ বিয়লিৰ ভাগত বোকাখাত মহকুমাটোকে ৰুদ্ৰমূৰ্তিৰে জোকাৰি গ’ল।

কৰ’নাতংকৰ মাজতে নিজৰ শক্তি প্ৰদৰ্শনেৰে ধূলি ধুমুহাজাকে মহতিয়াই নিলে বোকাখাত মহকুমাৰ অলেখ গাঁও-ভূঁই, অঞ্চল। অৱশ্যে, বাতৰি লিখা পৰ্যন্ত ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই যদিও মহকুমাটোৰ তামুলী পথাৰ, জাপৰি পথাৰ, নগঞা পাম, কুৰুৱাবাহী পাম, আহোমগাঁও, মেঠনি বাগিছা, লতাবাৰী বাগিছা, বোকাখাত নগৰ, নগৰৰ উপকণ্ঠ অঞ্চলসমূহ, লখৌজান বাগিছা, ৰজাবাৰী, বৰচাপৰি বাগিছা, ৰোহিতা চাপৰিৰ লগতে চাপৰি অঞ্চলৰ বৃহত্তৰ এলেকা, মণ্ডল গাঁও, চিপাহী গাঁও, আমটেঙা, কাকজান, কুৰুৱাবাহী সত্ৰ, খতিয়াখলি, পৰঙনীয়া, যোগনীয়া, মৰিয়াহোলা, নিকৰি ঘাট, কুৰুৱাবাহী পুৰণা সত্ৰ, বিহৰা বাগিছাৰ লগতে বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ দুকুৰিৰো অধিক গাঁৱত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰা বুলি জানিব পৰা গৈছে।

গছ ভাগি বহু ঠাইত যাতায়াত ব্যাহত কৰাৰ লগতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিছে আৰু দুই শতাধিক ঘৰৰ ক্ষতি সাধন হোৱাৰ বাতৰি পোৱা গৈছে। এই সময়চোৱাত যাতায়াতৰ অসুবিধাৰ বাবেই উদ্ধাৰ অথবা সাহায্য অভিযান চলোৱাও সম্ভৱ হোৱা নাই। বোকাখাত কাৰ্বি আংলং সংযোগী ডিফলু পথ সম্পূৰ্ণ বন্ধ হৈ পৰাৰ খবৰ আহিছে। বৰ্তমান লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত বজাৰ সম্পূৰ্ণ বন্ধ হোৱাৰ বাবে নিজৰ ক্ষতি হোৱা ঘৰসমূহৰ মেৰামতিৰ প্ৰয়োজনীয় টিনপাতকে আদি কৰি যাবতীয় সা-সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত এইবেলি বৃহৎ সমস্যাৰ সন্মুখীন হ’ব ধুমুহাত ক্ষতিগ্ৰস্থ ৰাইজ। আনহাতে, এই ক্ষতিগ্ৰস্ত ৰাইজে অন্ততঃ দুটা দিনৰ বাবে হাৰ্ডৱেৰ দোকানসমূহ খুলি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে।













