ASSAM TIMES POST
নিউজ ডেস্ক:
চলিত বছৰত সমগ্ৰ বিশ্বৰ অর্থনৈতিক বৃদ্ধি ৩ শতাংশ কমিব৷ এই সতৰ্কবাৰ্তা দিছে আন্তৰ্জাতিক বিত্তীয় ভাণ্ডাৰ অৰ্থাৎ আই এম এফে৷ আইএমএফৰ স্পষ্ট বক্তব্য সমগ্ৰ বিশ্ব আন এটা অতি মন্দাৰ দিশে গতি কৰিছে৷ ১৯৩০ চলৰ পাছত এনে অৰ্থনৈতিক মন্দা পৃথিৱীত কেতিয়াও দেখা নগৈছিল৷ এই সংকট যিমান দীৰ্ঘ হ’ব, বিভিন্ন দেশ চৰকাৰ আৰু ৰিজাৰ্ভ বেংকবোৰে তাত কঠিন পৰীক্ষাৰ মাজত পৰিব৷
এইদৰে পূৰ্বাভাস দিছে আই এম এফে৷ উল্লেখ্য যে ক’ৰ’ণাৰ আতংকত থমকি গৈছে সমগ্ৰ বিশ্ব৷ ব্যতিক্ৰম নহয় ভাৰত৷ ইতিমধ্যে সমগ্ৰ বিশ্বৰ এক লাখৰো অধিক লোকৰ মৃত্যু হৈছে৷ আক্ৰান্ত ২০ লাখৰো অধিক লোক৷ পৰিস্থিতি মোকাবিলা কৰিবলৈ আমেৰিকা, ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্স, ইটালী, চীন আৰু জাপানৰ দৰে অৰ্থনীতিত শক্তিশালী দেশবোৰে চিন্তা কৰিব লগা হৈছে৷ ইতিমধ্যে যোগাযোগ ব্যৱস্থা আৰশ কল-কাৰখানা বন্ধ হৈ পৰিছে৷
এই মাৰাত্মক ভাইৰাছৰ বাবেই বিশ্বক অতি মন্দাৰ দিশে ঠেলি দিছে বুলি আশংকা কৰিছে অৰ্থনীতিবিদসকলে৷ আই এম এফৰ সাম্প্ৰতিক ৱ’ৰ্ল্ড ইকনমিক আউটলুকে কোৱা মতে এটা এতিয়া স্পষ্ট যে ১৯৩০ৰ অতি মন্দাৰ পাছত সচৰাচৰতে ভয়াৱহ মন্দাৰ বিৰুদ্ধে পৃথিৱী থিয় দিছে৷ এটা দহকৰ আগৰ অৰ্থনৈতিক সংকটেও চুই গৈছে৷ এই লকডাউন বিশ্বৰ অৰ্থনৈতিক বৃদ্ধিৰ নাটকীয়ভাৱে টানি ধৰিব৷
আই এম এফৰ প্ৰধান অৰ্থনীতিবিদ গীতা গোপীনাথে কয়, এই সংকটে বিশ্বই অহা দুবছৰত ৯ ট্ৰিলিয়ন ডলাৰ হেৰুৱাব৷ এই অংক জাৰ্মানী আৰু জাপানৰ দৰে দুই শিল্পোন্নত দেশত মুঠ জিডিপিৰ পৰিমাণতকৈ বেছি৷ সমগ্ৰ বিশ্বৰ অৰ্থনীতিত অতিমন্দাৰ প্ৰভাৱ সকলো দেশৰ অৰ্থনীতিতে পৰিব৷ এইদৰে সতৰ্ক বাৰ্তা দি আই এম এফে কয়, ক’ৰ’ণা মোকাবিলাত সফল হ’লেও এই মন্দা আঁতৰ কৰা সম্ভৱ নহ’ব৷
বিশ্ব অৰ্থনীতিৰ বৃদ্ধি ৫.৮ শতাংশ বেছি নহ’ব৷ আই এম এফৰ তথ্য মতে ২০০৯ চনৰ মন্দাৰ পাছত বিশ্ব অৰ্থনীতি ০.৭ শতাংশ সংকুচিত হৈছিল৷ এবাৰ সেয়া ৩ শতাংশ হৈছিল৷ আই এম এফৰ পৰা ইয়াৰ লগতে জনায় যে ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ যদি আঁতৰ নহয়, তেনেহ’লে অহা বছৰত অৱস্থা ইয়াতকৈ বেয়া হ’ব৷ সৰু আৰু দৰিদ্ৰ দেশবোৰৰ অৰ্থনীতি একেবাৰেই ভাঙি পৰিব৷ বিশ্ব অৰ্থনীতিত বৃদ্ধিৰ ক্ষেত্ৰত ৮ শতাংশ সংকুচিত হ’ব পাৰে৷