ASSAM TIMES POST
আছিফ আলি:
শিৱদ’লত চুৰি কাৰ্যত তিনি চোৰক গ্ৰেপ্তাৰ শিৱসাগৰ আৰক্ষীৰ৷ শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা চোৰ তিনিটা হ’ল— ভলুকা দুৱৰা ( ২০ বছৰ, খাটপথাৰ) ,নৰেন দত্ত (১৯ বছৰ, লক্ষ্মী নগৰ) আৰু হাফিজুৰ ৰহমান ( ২০ বছৰ, ভিক্ষাৰীপট্টি) ৷ চোৰ তিনিটাই ১৩ এপ্ৰিলৰ নিশা চুৰি কাৰ্য সংঘটিত কৰিছিল শিৱদ’ল আৰু বিষ্ণুদ’লত৷
তিনিটাকৈ দানপাত্ৰ ভাঙি লুট কৰিছিল ধন ৷ ঐতিহাসিক দ’ল দুটাত চুৰি কাৰ্য সংঘটিত হোৱাক কেন্দ্ৰ কৰি সমালোচনাৰ সন্মুখীন হৈছিল শিৱসাগৰ আৰক্ষী ৷ শিৱদ’লৰ পৰা এশ মিটাৰ দূৰত্বতে শিৱসাগৰ আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষ থকাৰ পাছতো দুটাকৈ দ’লত চোৰে চুৰি কাৰ্য সংঘটিত কৰিবলৈ সক্ষম হোৱা ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল শিৱসাগৰত ৷
ইয়াৰ পিছতেই শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত গঠন হৈছিল বিশেষ গোট ৷ অৱশেষত আজি তিনিটা চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰক্ষী শিৱসাগৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ অন্তত শিৱসাগৰ মূখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় তিনি চোৰক ৷ আদালতে শিৱসাগৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে চোৰ তিনিটাক ৷













