ASSAM TIMES POST
বােকাখাত : সমগ্র বিশ্বতে কৰােণা ভাইৰাছৰ ত্রাস অব্যাহত। কৰােণা ভাইৰাছৰ সংক্ৰমণৰ পৰা জনসাধাৰণক মুক্ত কৰি ৰাখিবলৈ সমগ্ৰ দেশজুৰি প্রথম পর্যায়ত ২১ দিনীয়া লক-ডাউন ঘােষণা কৰিছিল কেন্দ্রীয় চৰকাৰে। এই লক-ডাউনৰ মাজত প্ৰকৃতিয়ে ন-ৰূপ লৈ, কুলি-কেতেকিয়ে সুমধুৰ মাতেৰে অসমীয়া ৰাইজলৈ আদৰি আনিলে হেঁপাহৰ ৰঙালী বিহু। ‘অসমীয়া জাতিৰ আয়ুস ৰেখা’ ৰঙালী বিহুটি অসমীয়া জন-জীৱনলৈ আহিল যদিও নাই কোনাে উছাহ-উদ্দীপনা।

কাৰণ এফালে বিশ্ব কঁপাই তােলা মানৱ সভ্যতাৰ মৃত্যুৰ পৰােৱানা জোকাৰি আহিছে কৰােণা ভাইৰাছ আৰু আনফালে লক-ডাউন। ফলত অসমীয়া ৰাইজে ভাৰত চৰকাৰৰ নীতি-নিৰ্দ্দেশনা মানি স্ব-বন্দীত্ব স্বীকাৰ কৰি ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে। যাৰ পৰিপ্ৰেক্ষিতত দিন হাজিৰা তথা দৰিদ্ৰ লােক সকল উপার্জনহীন হৈ পৰিছে। ফলত খাদ্য সংকট আৰু আর্থিকভাৱে যথেষ্ট সমস্যাত পেলাইছে এই সকল দৰিদ্র শ্রেণী লােকক।
যাৰ বাবে হেঁপাহৰ ৰঙালী বিহুটিতো পূর্বৰ দৰে আনন্দ নাই কোনাে দৰিদ্ৰ শ্ৰেণীৰ লােকৰ মাজত। অৱশ্যে এই সকল দৰিদ্র শ্রেণী লােকক ব’হাগ বিহুটি উদযাপনত সহায় কৰিবলৈ আগবাঢ়ি আহিল কমাৰগাঁও আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা। হেঁপাহৰ ৰঙালী বিহুটিৰ বাবে গুড়, তিল, নাৰিকল, চেনী, চিৰা-মুড়ি, গাখীৰ আদি খাদ্য সামগ্ৰী প্রদান কৰে ছাত্র সংগঠনটোৱে। কমাৰগাঁও আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা হৈ লাচিত কাকতি, কৌশিক বৰুৱা, শচীন বৰা, জ্যোতিষ হাজৰিকা, নিলােৎপল হাজৰিকাই ঘৰে ঘৰে গৈ আৰ্তজনক এই সমূহ বিহুৰ খাদ্য সামগ্রী প্রদান কৰে। বিহুৰ খাদ্য সামগ্রী যােগাৰ কৰিবলৈ চিন্তান্বিত হৈ থকা এই সকল দৰিদ্রলােকে কমাৰগাঁও আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ এনে বদান্যতাক শলাগ জ্ঞাপন কৰে।













