ASSAM TIMES POST
নিউজ ডেস্ক
লকডাউনৰ সময়ত ৰাজ্য জ্যেষ্ঠ নাগৰিকক সহায় কৰাৰ বাবে অসম আৰক্ষীৰ গুৰুত্বপূৰ্ণ প্ৰদক্ষেপ।আজিৰে পৰা কাৰ্যকৰি হোৱাকৈ ৰাজ্য জ্যেষ্ঠ নাগৰিকৰ বাবে মুকলি কৰা হ’ল হেল্প লাইন নম্বৰ।

মহামাৰী দুৰ্যোগৰ সময়ত জ্যেষ্ঠ নাগৰিক সকলক যি কোনো সহায়ৰ বাবে অসম আৰক্ষীয়ে মুকলি কৰিছে চাৰিটাকৈ হেল্পলাইন নম্বৰ।আৰক্ষীয়ে মুকলি কৰা হেল্পলাইন নম্বৰ কেইটা হৈছে ৬০২৬৯০০৯৭৪, ৬০২৬৯০০৯৭৫, ৯৪৩৫২১৫০২৯ আৰু ৯১৩২৬৯৯৭৩৫।উল্লেখ যে জ্যেষ্ঠ নাগৰিক সকলে চিকিৎসা- ঔষধৰ পৰা আৰম্ভ কৰি সকলো সমস্যাই এই নম্বৰত ফোন কৰি অৱগত কৰিলে অসম আৰক্ষীৰ ফালৰ পৰা গাড়ী গৈ সহায় কৰিব জ্যেষ্ঠ ব্যক্তিজনক।













