ASSAM TIMES POST
গুৱাহাটী:ডিব্ৰুগড়ত কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্রাম সমিতি উপদেষ্টা অখিল গগৈ বিৰুদ্ধে পুনৰ গোচৰ ৰুজু ৰাষ্ট্ৰীয় তদন্তকাৰী সন্থা চমুকৈ নিয়া।কৃষক নেতা গগৈ বিৰুদ্ধে গুৱাহাটী চানমাৰিস্থিত নিয়া’ৰ আদালতত ১/২০২০ নম্বৰত অন্য এটা গোচৰ ৰুজু হৈছে।
উল্লেখ যে বৰ্তমান ডিব্ৰুগড়ত কাৰাৰুদ্ধ হৈ থকা চাবোৱা থানা ২৯/১৯ নম্বৰৰ যিটো গোচৰ আছিল সেই গোচৰতো নিয়া’লৈ হস্তান্তৰ কৰা হৈছে।সেই গোচৰে আজি আদালতত ৰেজিষ্ট্ৰাৰ হৈছে।এই কথা প্ৰকাশ কৰে অধিবক্তা কৃষ্ণ গগৈয়ে।অধিবক্তা গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰুজু হোৱা গোচৰত অহা ২৩এপ্ৰিল নিয়া আদালতত কৃষক নেতা গগৈক হাজিৰ কৰোৱা বাবে নির্দেশ দিয়া হৈছে।
১৩/১৯নিয়া’ৰ পূৰ্বৰ জামিন লাভ কৰা গোচৰ বৰ্তমান স্থগিত ৰখা হৈছে।ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অন্য কেইজন কাৰুৰোধ নেতাৰ কণ্ঠস্বৰ পৰীক্ষা নিয়া’ই গ্ৰহণ কৰিব পাৰিব বুলি আজি আদালতে ৰায় প্ৰদান কৰে।এই কথা প্ৰকাশ কৰে গগৈৰ পক্ষৰ অধিবক্তই।













