ASSAM TIMES POST
নগাঁও : লকডাউনৰ মাজতে নগাঁও চহৰৰ সমীপৰ বৰভেটিত আজি সংঘটিত এক পথ দুৰ্ঘটনাত এজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয় । জানিব পৰা মতে, ভাৰতীয় খাদ্য নিগমৰ সামগ্ৰী কঢ়িওৱা এ এছ ০২ ই – ৬৭৯১ নম্বৰৰ ট্ৰাকখনৰ লগত এ এছ ০২ ৱাই ৪৬৭০ নম্বৰৰ বাইকখনৰ মুখামুখী সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাত জিতুমনি নাথ নামৰ বাইকখনৰ চালকজন গুৰুতৰভাৱে আহত হয় । পিছত তেওঁক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।













