ASSAM TIMES POST
গুৱাহাটী: মৰিগাঁও জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ক’ৰনা ভাইৰাছ আক্রান্ত সংস্পৰ্শলৈ অহাৰ খবৰ বিয়পি পৰাৰ পিছতে অধিক তৎপৰ হৈছে গুৱাহাটী মহানগৰ জিলা প্ৰশাসন।মৰিগাঁও পৰা গুৱাহাটীত প্ৰৱেশ কৰা যান-বাহন সমূহৰ ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰখা বাবে ইতিমধ্যে নির্দেশ দিয়া হৈছে আৰক্ষীক।
এতিয়াৰে পৰা প্ৰতিখন গাড়ীত তীক্ষ্ণ নজৰ থাকিব আৰক্ষীৰ।ইফালে মৰিগাঁও পৰা গুৱাহাটীত প্ৰৱেশ কৰা দুয়োটা পথতে আৰক্ষী বিশেষ তালাচী গঢ়ি তোলা হৈছে।জিলা খনৰ পৰা অনা খাদ্য-সামগ্ৰী ক্ষেত্ৰতো কঠোৰ হতৰ্কতা অৱলম্বন কৰিছে আৰক্ষীয়ে।
এই কথা প্ৰকাশ কৰিছে গুৱাহাটী আৰক্ষীৰ আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।আনহাতে মৰিগাঁও জিলা ঘটনাৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰিছে।তেওঁ কৈছে “নিয়ম অনুসৰি সকলোৰে নমুনা পৰীক্ষা কৰা হব।আজি বিয়লি ভাগত কৰা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব।সংবাদ মাধ্যমক অপ-প্ৰচাৰ নচলাবলৈ আহ্বান জনাইছে”।













