ASSAM TIMES POST
নিউজ ডেস্ক:
লকডাউনৰ মাজতে আছে এক সুখবৰ।অসম ৰাজ্যিক চিৰিয়াখানাৰ ইতিহাসত প্ৰথমবাৰলৈ কুম্ভীৰে পাৰিলে কণী। যোৱা বর্ষ কানপুৰৰ পৰা অনা কুম্বীৰটোৱে কণী পৰা আজি প্ৰত্যক্ষ কৰা চিৰিয়াথানা কতিপক্ষই।উল্লেখ যে চিৰিয়াখানা খনত প্ৰথমবাৰ ১০টা কণী পাৰিছে কুম্বীটোৱে এই কথা প্ৰকাশ কৰিছে চিৰিয়াখানাৰ ডি এফ অ’ তেজছ মৰিস্বামীয়ে।

গুৰুত্বপূৰ্ণ কথা এই যে লকডাউনৰ বাবে যোৱা ২৪মার্চ পৰা দৰ্শনাথীৰ বাবে বন্ধ হৈ আছে অসম ৰাজ্যিক চিৰিয়াখানাখন।আনহাতে কণী কেইটাৰ উৰ্বৰা ক্ষমতা আছে নে নাই সেয়া বৰ্তমানলৈকে নিশ্চিত কৰিব পৰা নাই চিৰিয়াখানা কৰ্তৃপক্ষই।এই কথা ডিএফঅ গৰাকীয়ে প্ৰকাশ কৰিছে।উল্লেখ যে লকডাউনৰ মাজতে কেইদিন মান পূৰ্বে সোণালী বান্দৰে জন্ম দিছিল এটা পোৱালি।













