ASSAM TIMES POST
এন্ধাৰ আতৰি আকৌ নতুন প্ৰভাত হব : বিধায়ক ৰূপক শৰ্মা
নগাঁও :কৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ যুঁজখনত নামি পৰা প্ৰতিগৰাকী চিকিৎসাকৰ্মী, প্ৰশাসনৰ লোক,আৰক্ষী, সাংবাদিককে ধৰি জৰুৰীকালীন সেৱাত নিয়োজিত সকলক উৎসাহ যোগোৱাৰ লগতে কৰোনা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ গৈ মৃত্যুবৰণ কৰা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আজি সন্ধিয়া ৫৮ সংখ্যক পূৱ নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে এহেজাৰ গছি বন্তি প্ৰজ্বলন কৰে।

নগাঁও চহৰৰ ৰত্নকান্ত বৰকাকতী বিদ্যালয় খেল পথাৰত বিহু উৎসৱ সমিতিখনৰ এহেজাৰ গৰাকী সদস্যই গাইপতি আগবঢ়োৱা এগছিকৈ সৰ্বমুঠ এহেজাৰ গছি বন্তি সমাজিক দূৰত্ব বৰ্তাই মুষ্টিমেয় কেইজনমান সদস্যই প্ৰজ্বলন কৰে । বন্তি প্ৰজ্বলন কাৰ্যসূচী উদ্বোধন কৰি পূব নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ মুখ্য উপদেষ্টা তথা বিধায়ক ৰূপক শৰ্মাই কয় যে সময়ৰ আহ্বানত মাথো আনুষ্ঠানিকতা ৰক্ষা কৰি এইবাৰ ১ ব’হাগৰ দিনা পুৱা পতাকা উত্তোলন কৰি বিহু উৎসৱখনি উদযাপন কৰা হয় ।
আন কোনো কাৰ্যসূচী অবিহনে আজি সন্ধিয়া আনুষ্ঠানিক ভাবে বিহুখনিৰ সামৰণি ঘোষণা কৰা হয়। বিধায়ক শৰ্মাই আৰু কয় যে এইবেলি আমি ৰাজহুৱাভাৱে একত্ৰিত হৈ বিহু উদযাপনৰ পৰা বঞ্চিত হলেও নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমি অতি সোনকালে বৰ্তমান অৱস্থাৰ পৰা পৰিত্ৰাণ পাম ।পুনৰ ভাল দিন ঘূৰি আহিব । এন্ধাৰ আতৰি আকৌ নতুন প্ৰভাত হব ।
বন্তি প্ৰজ্বলন কাৰ্যসূচীত পূৱ নগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি সীমান্ত বৰা, সাধাৰণ সম্পাদক ত্ৰিদিপ বৰুৱা, বিহু উৎসৱ সমিতিৰ সম্পাদক যতীন্দ্ৰ কুমাৰ দাসেও অংশগ্ৰহন কৰে । উল্লেখ্য ১৪ এপ্ৰিলৰ পুৱা বিহু উৎসৱ উদযাপন সমিতিৰ মুখ্য উপদেষ্টা তথা বিধায়ক ৰূপক শৰ্মাই পতাকা উত্তোলন কৰি বিহু উৎসৱখনিৰ আনুষ্ঠানিকতা ৰক্ষা কৰে।













