ASSAM TIMES POST
নিউজ ডেস্ক:
দেওবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। উল্লেখযোগ্য যে এই কাৰ্যালয়টোতেই সম্প্ৰতি কোভিড নিয়ন্ত্ৰণ কক্ষও অৱস্থিত ৷


উক্ত কার্যালয়ত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক এই ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে বৰ্তমানলৈ গ্ৰহণ কৰা বিভিন্ন কাম-কাজ তথা উদ্যোগৰ বিস্তৃত বিৱৰণ দাঙি ধৰে।
স্বাস্থ্য মন্ত্ৰীয়ে কোভিড-১৯ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা সজাগতা তথা ব্যৱস্থাৱলীৰ ফল সন্তোষজনক বুলি প্ৰকাশ কৰে ৷ লগতে সজাগতা অৱ্যাহত ৰাখিব লাগিব বুলিও প্ৰকাশ কৰে৷













