ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত
দেশত চলি থকা লক-ডাউনৰ বাবে অসমৰ অলেখ গৰাকী যুৱক-যুৱতী বহিঃৰাজ্যতে ৰৈ যাবলৈ বাধ্য হৈছে। সম্প্ৰতি হাইদৰাবাদত কৰ্মৰত বোকাখাত মহকুমাৰ কুৰুৱাবাহীৰ এগৰাকী যুৱতীও অসহায় হৈ আপোন স্বজনৰ পৰা দূৰত ৰৈ যাবলৈ বাধ্য হোৱাৰ বাতৰি হাতলৈ আহিছে।
হাইদৰাবাদত কৰ্মৰত হোটেলখনতে গৃহবন্দী হৈ ৰৈ যাবলৈ বাধ্য হোৱা জ্যোতিস্মা দাস নামৰ বোকাখাতৰ যুৱতী গৰাকীয়ে নিজৰ অসহায় অৱস্থাৰ সকলো কথা ইতিমধ্যে ব্যক্ত কৰিছে চচিয়েল মিডিয়াত প’ষ্ট কৰা এটি ভিডিঅ’যোগে। নিজৰ বক্তব্যত জ্যোতিস্মা দাসে উল্লেখ কৰে যে বিগত দুবছৰ তেওঁ হাইদৰাবাদৰ লেমন টী হোটেলত কৰ্মৰত আছিল।
লক-ডাউনৰ কিছুদিন পূৰ্বে তেওঁ কৰি থকা কৰ্তব্যৰ পৰা অব্যাহতি লৈছিল আৰু ২৪ মাৰ্চত ঘৰলৈ আহিবলৈ বিমানৰ টিকট কাটিছিল। কিন্তু কৰ’ণা সংক্ৰমণক প্ৰতিহত কৰিবলৈ দেশ ব্যাপি আৰম্ভ হোৱা লকডাউনৰ বাবে টিকেট বাতিল হোৱাত জ্যোতিস্মা অসমলৈ উভতি আহিব নোৱাৰিলে।
হোটেল কৰ্তৃপক্ষক সমস্যাটো অৱগত কৰোৱাত কতৃপক্ষই তেওঁক থাকিবলৈ হোটেলতে এটা কোঠালীৰ ব্যৱস্থা কৰি দিছিল যদিও খোৱাৰ ব্যৱস্থা নিজেই কৰিব লগা হৈছিল জ্যোতিস্মাই। পুনৰ ১৮ এপ্ৰিলত ঘৰলৈ উভতি আহিবলৈ হাতত থকা অবশিষ্ট ধনেৰে টিকট কাটিছিল যদিও লক-ডাউনৰ সময় বঢ়াই দিয়াৰ কাৰনে পুণৰ টিকেট বাতিল হয়।
বৰ্তমান জ্যোতিস্মা থকা কোঠালীটোত তেওঁক ২৫ এপ্ৰিললৈকেহে হোটেল কৰ্তৃপক্ষই থাকিবলৈ অনুমতি দিয়াত প্ৰচণ্ড সমস্যাৰ সন্মুখীন হৈছে যুৱতীগৰাকী। কিয়নো ইতিমধ্যে হাতত থকা ধনেৰে সমস্ত লক-ডাউনৰ কালচোৱা চলিব লগীয়া হোৱাত যুৱতী গৰাকীৰ ধনৰ ভড়াল তেনেই উদং হৈছে। দুবাৰকৈ বাতিল হোৱা টিকটৰ পইচাও ঘূৰাই পাবলৈ সক্ষম নহ’ল জ্যোতিস্মা।
গতিকে এতিয়া চচিয়েল মিডিয়াযোগে যুৱতী গৰাকীয়ে লক-ডাউন শেষ নোহোৱা পৰ্য্যন্ত তেওঁক হাইদৰাবাদতে থকাৰ কিবা এটা সুব্যৱস্থা কৰি দিবলৈ নিজৰ ভিডিঅ’ বক্তব্যযোগে অসম চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ কৰিছে। উল্লেখ্য যে ইতিমধ্যে নিজৰ জমা ধন শেষ হোৱাত উপায়ন্তৰ হৈ ঘৰৰ পৰা ধন আনি যিমান পাৰি চলিবলৈ চেষ্টা কৰাৰ কথা আৰু সহায় বিচাৰিবলৈ কোনো পৰিচিত অথবা নিকত সম্পৰ্কীয় লোক হাইদৰাবাদত নাই বুলিও চচিয়েল মিডিয়াৰ ভিডিঅ’টোত উল্লেখ কৰিছে যুৱতীগৰাকীয়ে।













