ASSAM TIMES POST
নিউজ ডেস্ক:
দেশ তথা সমগ্ৰ ৰাজ্যতে এতিয়া অব্যাহত দ্বিতীয় পৰ্যায়ৰ লকডাউন। আৰু চলি থকা এনে কঠোৰ লকডাউনৰ মাজতে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ আমতলা গাওঁত হঠাৎ লাগিল এক হুৱাদুৱা। গৃহবন্দী হৈ থকা সকলো কিশোৰ-কিশোৰী, পুৰুষ-মহিলা ঘৰ এৰি উলাই আহিল ঘৰৰ বাহিৰলৈ।
ফলত নিমিষতে ভংগ হৈ পৰিল লকডাউন, অমান্য হল চৰকাৰী নিৰ্দেশ আৰু চৰকাৰী আহ্বান। তাৰেই মাজতেই উক্ত গাওঁখনলৈ ঘটনাৰ বুজ লবলৈ আৰু সমস্যাৰ সমাধান কৰিবলৈ আহি উপস্থিত হল বন বিভাগৰ এটা দল। প্ৰকৃততে গাওঁখনত কিহৰ বাবে লাগিছিল হুৱাদুৱা, কিয় গাওঁবাসীয়ে ভংগ কৰিছিল এই লকডাউন? জানো আহক।
উল্লেখযোগ্য যে এজোপা গছ আৰু সকলোৰে চকু গছজোপাৰ ওপৰৰ অংশলৈ। কোনোবাই যদি আঙুলিয়াই দেখুৱাৰ চেষ্টা কৰিছে, আন কোনোবাই আকৌ গছৰ তলৰ পৰা আঁতৰি আহিবলৈ চিঞৰি উঠিছে। কাৰণ গছজোপাত অৱস্থান কৰি আছিল এডাল প্ৰকাণ্ড অজগৰ। এই প্ৰকাণ্ড অজগৰটোক কেন্দ্ৰ কৰিয়ে গাওঁখনত হঠাৎ লাগিছিল হুৱাদুৱা।
আৰু অজগৰটোক এবাৰ চোৱাৰ হেঁপাহ আৰু উদ্দেশ্যেৰেই ঘৰ এৰি উলাই আহিছিল বাহিৰলৈ সকলোৱে। তাৰ পাছত সকলোৱে দৃষ্টি নিক্ষেপ কৰিছিল অজগৰটোক চোৱাৰ বাবে গছজোপাৰ ওপৰৰ অংশলৈ আৰু মাজে মাজে কৰিছিল চিঞৰ বাখৰ। অৱশ্যে কিছু সময়ৰ পাছতে গাওঁখনত বনকৰ্মী উপস্থিত হৈ অজগৰটোক উদ্ধাৰ কৰি আমৰেং বনাঞ্চলৰ ঘন হাবিত নি মুকলি কৰি দিয়ে বনকৰ্মীয়ে। আৰু এনে ঘটনাৰ পৰিপ্ৰেক্ষিততে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ আমতলা গাওঁত কিছুসময়ৰ বাবে হুৱাদুৱা লগাৰ বিপৰীতে ভংগ পৰে দ্বিতীয় পৰ্যায়ৰ লকডাউন।













