ASSAM TIMES POST
গুৱাহাটী: ৰাজ্যবাসীলৈ মহামাৰী ক’ৰনাৰ আতংকৰ মাজতে আছে এটা ভাল খবৰ।দেওবাৰে ৰাজ্যত পুনৰ পাঁচজন ক’ৰনা আক্রান্ত সুস্থ হৈ উঠিছে।গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা চাৰিজন আক্রান্ত সুস্থ হোৱাত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুষ হাজৰিকাৰ উপস্থিতিত দিয়া হয় ৰিলিজ।
মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগী কেইজন হৈছে মহম্মদ শ্বাহৰুখ, মফিজুদ্দিন, জামিলা খাতুন আৰু মহম্মদ আশ্ৰফ আলী।এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী শৰ্মাই।উল্লেখ যে ৰিলিজ দিয়া ৰোগী কেইজনক চাৰিবাৰকৈ কৰা হয় পৰীক্ষা।পৰীক্ষাৰ ফলাফল।
নেগেটিভ অহাত দিয়া হয় ৰিলিজ।এতিয়া তেওঁলোকে নিজ গৃহতে ১৪ দিন আছুতীয়াকৈ থাকিব লাগিব। মন্ত্ৰী শৰ্মাই লগতে কয়।ইফালে গুৱাহাটীৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা অন্য এগৰাকী আক্রান্ত ৰোগী জু-ৰোড স্পেনিচ গাৰ্ডেন নিৰ্বাসী মনিষ ট্ৰিৱেবালকো দিয়া হয় ৰিলিজ।উল্লেখ যে এই আজি পাঁচজনৰ সৈতে সুস্থ হৈ উঠা সংখ্যা ১৭জনলৈ বৃদ্ধি পালে।১৬জন চিকিৎসাধীন হৈ আছে।এজন ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে।













