ASSAM TIMES POST
ডিফু: দেশজুৰি অব্যাহত থকা লকডাউনৰ ফলত সৃষ্টি হোৱা প্ৰদূষণমুক্ত পৃথিৱী বনৰীয়া জীৱ- জন্তুৰ বিচৰণৰ বাবে অনুকুল হৈ পৰা পৰা বুলি প্ৰকৃতি প্ৰেমীৰ মাজত চৰ্চা অব্যাহত থকাৰ সময়তে যোৱা নিশা পশ্চিম কাৰবি আংলং জিলাৰ টুমপ্ৰেঙত বিদ্যুতস্পৃষ্ট হৈ এজনী বনৰীয়া মাইকী হাতীয়ে শোকাৱহ মৃত্যুক সাৱটি লবলগীয়া হয় ৷
ঘটনাৰ বিৱৰণ অনুসৰি টুমপ্ৰেঙৰ কুমাৰকাটা ৰিজাৰ্ভত প্ৰৱেশ কৰা এজনী মাইকী বনৰীয়া হাতীয়ে নিশা প্ৰায় ১ বজাত খাদ্য সংগ্ৰহ কৰি থকাৰ অৱস্থাতে উক্ত স্থানত নিচেই তলেৰে যোৱা ৩৩৩ ভল্টৰ বৈদ্যুতিন তাঁৰৰ সংস্পৰ্ষলৈ আহে ৷ বিদ্যুতস্পৃষ্ট হোৱাৰ লগে লগে হাতীজনী কাষতে থকা কপিলী নদীৰ বোঁৱতি সূতত ছিটিকি পৰে ৷
ফলস্বৰূপে বিদ্যুতস্পৃষ্ট হোৱা হাতীজনীৰ কৰুণ মৃত্যু হয় ৷ আজিৰ পুৱাৰ ভাগত হোজাইৰ বনবিভাগৰ লোক আহি কপিলি নদীৰ পৰা মৃত হাতীটো এক্সকেভেটাৰৰ সহায়ত উদ্ধাৰ কৰি সমাধিস্থ কৰে ৷













