ASSAM TIMES POST
নগাঁও : মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বৰ্তমান সময়ত মাস্ক পৰিধান কৰাটো প্ৰয়োজনীয় বিষয় হিচাপে বিবেচিত হৈছে । ইতিমধ্যে চৰকাৰে লকডাউন কিছু কিছু ক্ষেত্ৰত শিথিল কৰিছে যদিও ঘৰৰ বাহিৰলৈ ওলাই অহা সকলো লোককে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে।
যাৰ ফলত মাক্সৰ চাহিদা বৃদ্ধি পাব ধৰিছে । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ এক অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান উত্তৰণ জনকল্যাণ সমিতি আৰু ৰামধেনু গ্ৰুপে দুৰ্গতজনক সহায় কৰাৰ বাবে প্ৰস্তুত কৰিছে হাতে বনুৱা মাস্ক।
তদুপৰি, জৰুৰী আৰু প্ৰয়োজনীয় কামত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক বিনামূলীয়াকৈ মাস্ক প্ৰদানৰ এক কাৰ্যসূচী স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে গ্ৰহন কৰে । আজি উত্তৰণ জনকল্যাণ সমিতিৰ সাধাৰণ সম্পাদক মাহমাদুল হাছানৰ নেতৃত্বত এটা সজাতি দলে নগাঁও জিলা উপায়ুক্তৰ হাতত এশটা মাস্ক অৰ্পণ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।
আনহাতে স্বেচ্ছাসেৱী অনুষ্ঠান দুটাই নগাঁও চহৰৰ সমীপৰ ইটাপাৰা আৰু ৰৌমাৰী গাঁৱৰ শতাধিক দৰিদ্ৰ লোকৰ মাজত একোটিকৈ খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে। স্বেচ্ছাসেৱী অনুষ্ঠানৰ এনে প্ৰয়াসক সকলোৱে প্ৰশংসা কৰে ।













