ASSAM TIMES POST
বোকাখাত :বোকাখাতত অতি সোনকালে অভাৱ হ’ব পাৰে শাক পাচলিৰ। দীৰ্ঘদিনীয়া লক-ডাউনৰ ফলশ্ৰুতিত উৎপাদন হৈ থকা বৃহৎ শাক পাচলিৰ বাৰী সমূহৰ ফচল নষ্ট হৈ যোৱাৰ ফলত আগন্তুক সময়ত হ’ব পাৰে শাক পাচলিৰ অভাৱ।
সেয়েহে আজি বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে চচিয়েল মিডিয়া যোগে আহ্বান জনাইছে বোকাখাতবাসীক। লক-ডাউনৰ সময়চোৱাত ঘৰতে থকাৰ সুবিধা গ্ৰহণ কৰি কায়িক ব্যৱধান অটুত ৰাখি প্ৰত্যেকৰে বাৰীত শাক পাচলিৰ খেতি কৰিবলৈ মহকুমাধিপতিগৰাকীয়ে বিনম্ৰ আহ্বান জনাইছে।
এই ক্ষেত্ৰত প্ৰয়োজনীয় বীজ কৃষি বিভাগে যোগান ধৰিব। বীজ যোগানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব প্ৰতিখন পঞ্চায়তৰ সভাপতি-সম্পাদক, ৱাৰ্ড সদস্য সকলে। ট্ৰেক্টৰ ব্যবহাৰ নকৰি বাৰীৰ চুকে কোণে কোৰ মাৰি যিমান পাৰে জিকা, ভেণ্ডি, টিঁয়হকে ধৰি পাচলিৰ খেতি কৰিবলৈ আহ্বান জনাইছে মহকুমাধিপতি গৰাকীয়ে।
মহকুমাধিপতি গৰাকীয়ে লগে আশা কৰিছে যে এই কথাত প্ৰত্যেকেই আত্মনিয়োগ কৰিলে নিজৰ পাচলিৰ জোৰা মৰাৰ লগতে আৰ্থিকভাৱেও লাভাম্বিত হ’ব। মহকুমাধিপতি গৰাকীৰ আহ্বানক চচিয়েল মিডিয়াত আদৰি লোৱা জনতাই হাতে কামে কিমান কৰিব সেয়া অৱশ্যে সময়েহে ক’ব।













