ASSAM TIMES POST
চৰকাৰী নীতি-নিৰ্দ্দেশনাক ধুঁৱা চাঙত তুলিলে চল্ট ব্ৰুক একাডেমীয়ে:ব্যাপক প্ৰতিক্ৰিয়া
আজিয়েই ধন জমা দিয়াৰ নিৰ্দ্দেশনা
ডিব্ৰুগড়: সম্প্ৰতি সমগ্ৰ বিশ্বতে ক’ৰ’ণা ভাইৰাছে মহামাৰী ৰূপ ধাৰন কৰাৰ লগতে বিশ্বৰ অৰ্থনৈতিক ব্যবস্থাতো মোক্ষম আঘাট হানিছে।যাৰ ফলত দিন হাজিৰা কৰা লোককে আদিকে কৰি সকলো ব্যৱসায়ী লোকো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।
সকলো ব্যৱস্থাই যেন স্থবিৰ-স্তব্ধ হৈ পৰিছে।কি শিক্ষা,ব্যৱসায়,কৃষি,মীণ,যাতায়ত,উদ্যোগ সকলোতে স্তব্ধতা।এই দুৰ্য্যোগৰ সময়ত সকলোৱে চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে;ছাত্ৰ-ছাত্ৰীৰ পৰা আদিকে কৰি বিশিষ্ঠ সমাজকৰ্মী, ব্যবসায়ী সকলোৱে পাৰ্যমানে চৰকাৰৰ পুজিলৈ ধনৰাশিৰে সহায় কৰিছে।
কিন্তু এই সকলোবোৰ পৰিহাৰ কৰি,নেদেখাৰ ভাও ধৰি ডিব্ৰুগড়ৰ এখন প্ৰতিস্থিত শিক্ষানুষ্ঠানে ছাত্ৰ-ছাত্ৰীক মাচুল জমা দিবলৈ নিৰ্দ্দেশনা জাৰি কৰাতোৱে সকলোতে ব্যাপক প্ৰতিক্ৰিয়াৰ স্বৃষ্টি হৈছে।
বিদ্যালয়ৰ মাচুলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সকলো শিক্ষানুষ্ঠানক অন-লাইনৰ জৰিয়তে শিক্ষাৰ্থী সকলক পাঠ দান দিবলৈ নিৰ্দ্দেশনা দিয়াৰ লগতে ব্যক্তিগত শিক্ষানুষ্ঠান সমূহক মাহেকীয়া মাছুলৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ লগতে হেঁচা প্ৰয়োগ নকৰিবলৈকো নিৰ্দ্দেশনা দিছে।
কিন্তু ইমানৰ পিছতো উজনিৰ অন্যতম ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান চল্ট ব্ৰুক একাডেমীয়ে পৰীক্ষা নোহোৱাকৈ(শিক্ষা সদনৰ সিধান্ত অনুযায়ী) দ্বিতীয় বৰ্ষলৈ উৰ্ত্তীণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীক আজিৰ ভিতৰত দুমাহৰ টিউচন ফিজসহ নামভৰ্ত্তিৰ মাচুল ৭০০০হাজাৰ টকা অনলাইন যোগে প্ৰদান কৰিবলৈ শিক্ষানুষ্ঠানখনৰ কতৃপক্ষই এক নিৰ্দ্দেশনা জাৰি কৰাক লৈ একাংশ অভিভাৱকৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ স্বৃষ্টি হৈছে।
কিয়নো বহু অভিভাৱক নিজ নিজ ব্যৱসায়ত স্বাবলম্বী হৈ পৰিয়াল পোহ-পাল দিয়াৰ লগতে উক্ত একাডেমীত সন্তানক নাম ভৰ্ত্তি কৰোৱাইছিল।কিন্তু সমগ্ৰ দেশত যোৱা ২৫ মাৰ্চৰ পৰা লক ডাউন হৈ থকাৰ বাবে একাংশ অভিভাৱকে নিজ নিজ ব্যৱসায় সমূহো বন্ধ ৰাখিব লগাত পৰিছে।
এনে ক্ষেত্ৰত হঠাৎ আজিৰ ভিতৰত(২১এপ্ৰিল) সাত হাজাৰ টকা একাডেমীৰ কতৃপক্ষক জমা দিবলৈ কোৱাত বহু অভিভাৱক হতভম্ব হৈ পৰিছে।বহু অভিভাৱকে লক ডাউন খোলাৰ পিছতহে এনে সিধান্ত লবলৈকো পৰামৰ্শ আগবঢ়ায়।কিন্তু নাচোৰবান্দা কতৃপক্ষই নিজৰ মতত অতল হৈ থাকিল।
আনহাতেদি কতৃপক্ষই যিটো একাউন্টত(০০১১০৫০০৪৮৭৫৪) টকা জমা দিবলৈ নিৰ্দ্দেশনা দিছে,সেইটো এটা ব্যক্তিগত একাউন্ট নম্বৰ বুলি জানিব পৰা গৈছে;অৰ্থাৎ উক্ত একাউন্ট নম্বৰটো চল্ট ব্ৰুক একাডেমীৰ সঞ্চালক অশ্বিনী দুৱৰাৰ ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ একাউন্ট নম্বৰ।
কিন্তু একাংশ অভিভাবকে প্ৰশ্ন কৰিছে যে এখন প্ৰতিস্থিত বিয়াগোম মহাবিদ্যালয়ৰ নিজস্ব বেংক একাউন্ট নম্বৰ থকা স্বত্বেও সঞ্চালক গৰাকীৰ একাউন্টত কিয় জমা দিবলৈ কোৱা হৈছে?ইয়াকে লৈ বহু অভিভাৱকৰ মাজত কৌতুহলৰ স্বৃষ্টি হৈছে।
যদিহে সকলো ছাত্ৰ-ছাত্ৰীয়ে আজিৰ ভিতৰতে উক্ত একাউন্টতমাচুল জমা কৰে তেন্তে সেই একাউন্টত প্ৰায় ৮৫ লক্ষাধিক টকা জমা হোৱাৰ সম্ভাবনা আছে বুলি অভিভাৱক সকলে মত প্ৰকাশ কৰিছে।ইফালে একেটা নিৰ্দ্দেশনাতে অহা ২১ জুনৰ ভিতৰতে দ্বিতীয় কিষ্টি হিচাপে পুনৰ সাত হাজাৰ টকা জমা দিবলৈ কোৱা হৈছে।
ইমানলৈ সকলো থিকেই আছিল;কিন্তু এনে এক জটিত সন্ধিক্ষণত তথা সমগ্ৰ বিশ্বই এই ক’ৰ’ণা ভাইৰাছক লৈ যুদ্ধ কৰি থকাৰ সময়তে,ডিব্ৰুগড়ৰ এখন আগশাৰীৰ মহাবিদ্যালয়ে মানবীয়তাক বিসৰ্জ্জন দি কেবল ধন ঘটাত ব্যস্ত হোৱাতহে ব্যাপক চৰ্চা লভিছে।সেয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীক এনে দুৰ্য্যোগৰ সময়ত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান সমূহে মাচুলক লৈ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাবক সকলৰ ওপৰত ৰাম টাঙোন দিয়া কাৰ্যত হস্তক্ষেপ কৰাৰ অনুৰোধ জনাইছে।













