ASSAM TIMES POST
বিভাস দুৱৰা,ডিব্ৰুগড়:সমগ্ৰ বিশ্বতে মাৰত্মক ৰূপ ধাৰণ কৰিছে ক’ৰ’ণা সংক্ৰমণে। দেশত ক’ৰোনা আক্ৰান্তৰ হৈ মৃত্যু ঘটিছে ইজনৰ পিছত সিজনকৈ লোক।বহু দেশ মৃত্যুৰ উপত্যকাত পৰিনত হৈছেগৈ।
ক’ৰ’ণা ৰ ভয়াৱহতা প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা দ্বিতীয় পয্যায়ৰ লক ডাউনৰ ফলত এতিয়া ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত দেখা দিছে খাদ্যৰ নাটনিয়ে।এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে দেশৰ দৰিদ্ৰ জনতাই।
এই দুৰ্যোগপূৰ্ণ সময়ত নিজ সমষ্টি বাসীক এই মহামাৰী ক’ৰ’ণা ৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ইটোৰ পিছত সিটো ব্যৱস্থা লৈছে বিধায়ক ঋতুপৰ্ণ বৰুৱাই।কেতিয়াবা যদি নিজ হাতেৰে চেনিটাইজেচন কৰিছে,কেতিয়াবা বাগানে বাগানে মাক্স বিতৰণ কৰিছে।
কেতিয়াবা বিভিন্ন গাম্যঞ্চলৰ ৰাইজক বিভিন্ন খাদ্যসামগ্ৰী বিতৰণ কৰিছে।সমষ্টিৰ বিভিন্ন স্থানৰ লগতে বৃহত্তৰ জকাই অঞ্চলৰ বিভিন্ন গাৱঁত বসবাস কৰা প্ৰায় তিনি শতাধিক লোকক কিছু সকাহ দিয়াৰ প্ৰচেষ্টাৰে চাউল, আটা,আলু,ডাইল, মিঠাতেল, নিমখ,চাবোন, শাক-পাচলি, আদি বিতৰণ কৰে।
দৰিদ্ৰ শ্ৰেণীৰ লোক সকলক ইতিমধ্যে চৰকাৰে চাউল আৰু নগদ ধনো বিতৰণ কৰা বুলি উল্লেখ কৰি ডিব্ৰুগড়ৰ কেইবাজনো সমাজসেৱী লোকৰ সহযোগত এনেদৰে সমষ্টি বাসীক বিধায়ক গৰাকীয়ে সকাহ দিয়াৰ চেষ্টা কৰিছে।













