ASSAM TIMES POST
নলবাৰীৰ পৰা ভূপেন শৰ্মা
আজি মহাপুৰুষ দামোদৰ দেৱৰ তিৰোভাব তিথি।দামোদৰ দেৱ ষোল্লশ শতিকাৰ এক শৰণ নাম ধৰ্মৰ এজন বিখ্যাত ধৰ্ম প্ৰচাৰক আছিল। এওঁৰ জম্ম হৈছিল নগাঁও জিলাৰ নালচাত ১৪৮৮ খ্ৰীষ্টাব্দত।
দামোদৰ দেৱ শ্ৰীমন্ত শংকৰদেৱৰ সাম সাময়িক আছিল। দামোদৰ দেৱৰ পিতৃ-মাতৃ ক্ৰমে শতানন্দ আৰু সুশীলা কামৰূপৰ অন্তৰ্গত হাজো নিবাসী আছিল। কালক্ৰমত তেওঁ লোক নগাঁৱৰ নালচা(বৰদোৱা)ত থিতাপি লয়। আৰু তাতেই দামোদৰ দেৱৰ জম্ম হয়।
নৱদ্বীপৰ কল্প চন্দ্ৰ ৰ ওচৰত দামোদৰ দেৱে তেওঁৰ আন দুই ভায়েকৰ লগত শিক্ষা গ্ৰহন কৰিছিল।তেওঁ লোকে ব্যাকৰণ, শব্দৰ অৱৰূপ আৰু ব্যৱহাৰ, গীতা ভাগৱত পূৰাণ চাৰিবেদ ১৪শাস্ত্ৰ অধ্যয়ন কৰিছিল। পিছলৈ তেওঁৰ পৰিয়ালে আকৌ হাজোৰ মণিকোটলৈ যায়।
যদিও পৰবৰ্তী সময়ত আকৌ দেউতাক ৰ লগত বৰপেটাৰ চন্দ্ৰ ভাটি পুৰত গৈ থাকিবলৈ লয়। আৰু এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰে। ১৫৯৮ খ্ৰীষ্টাব্দত ১০৯বছৰ বয়সত বৈকুণ্ঠ পুৰ সত্ৰত এওঁৰ তিৰোভাব হয়। লক ডাউনৰ সময় নেথাকিলে আজি অসমৰ বিভিন্ন প্ৰান্তৰ নামঘৰত মহাপুৰুষ জনাৰ তিৰোভাব তিথি উলহ মালহেৰে পালন কৰিলে হয়।













