ASSAM TIMES POST
ডিফু: মহামাৰী সদৃশ ক’ভিড 19 ৰ পৰা পৰিত্ৰাণ পাবলৈ কেন্দ্ৰীয় চৰকাৰে দেশজুৰি আহ্বান জনোৱা ৪০ দিনীয়া লকডাউনত সাধাৰণ জনতাৰ আলৈ- আহুকালৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন মানৱদৰদী আৰু মহানুভৱী সকলে আৰ্তজনৰ কাষত থিয়দি এমুঠি অন্ন যোগাৰ কৰি দিয়া পৰিলক্ষিত হৈছে ৷

তেনে মহান উদ্দেশ্য লৈয়েই মাঞ্জা আৰক্ষীয়ে মাঞ্জা থানা এলেকাৰ বিভিন্ন গাঁৱত আৰ্তজনলৈ খাদ্য সামগ্ৰী আগবঢ়াই আহিছে ৷ ইতিমধ্যে মাঞ্জা আৰক্ষীয়ে কেইবাখনো গাঁৱৰ দৰিদ্ৰ আৰু আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ সমান্তৰালকৈ আজিও এলেকাটোৰ মানাই তেৰাঙ গাঁও, চেৰ’প ইংতি গাঁও আৰু দংথেনালাত ৯০ টা পৰিয়ালৰ মাজত চাউল, মিঠাতেল, ডাইল আৰু চাবোন বিতৰণ কৰে ৷ বিতৰণ কাৰ্যসূচীত গাঁওবুঢ়া সকলো উপস্থিত থাকে ৷













