ASSAM TIMES POST
ডিফু: অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক ডঃ ৰতন বৰ্মণৰ আজি পুৱাৰ ভাগত হৃদক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা ৬ মান বজাত অধ্যাপক গৰাকী ডিফু কাছা ষ্টেডিয়ামৰ ওচৰত প্ৰাতঃভ্ৰমণ কৰি থকা সময়ত হৃদ প্ৰক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৷
অধ্যাপক গৰাকীক ডিফু চিকিৎসা মহাবিদ্যালয়ৰ আৰু হাস্পাতালৰ পুৰণি ব্লকত মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত ডিফু লামডিং পথৰ এছবি আইৰ ওচৰৰ বাসগৃহৰ পৰা ডিব্ৰুগড়ৰ চাবুৱা বাসগৃহলৈ ডঃ বৰ্মণৰ শৱদেহ লৈ যোৱা হয় ৷
ডঃ বৰ্মণ ১৯৬২ চনৰ ৮ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ৰংচাম্পিত জন্ম হৈছিল ৷ তেওঁ ১৯৮৭ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা ২০০৫ চনৰ ছেপ্তম্বৰ মাহলৈকে ডিফু চৰকাৰী মহাবিদ্যালয়ত কাম কৰিছিল ৷২০০৭ চনত ডঃ বৰ্মণ অসম বিশ্ববিদ্যালয় ডিফু চৌহদত যোগদান কৰি প্ৰশাসনিক, আৰু বিত্ত বিভাগত দায়িত্বত কাৰ্য নিৰ্বাহ কৰিছিল ৷
বৰ্তমান ডঃ বৰ্মণ অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক আছিল ৷ প্ৰয়াত বৰ্মণে এই সংহাৰত পত্নী আৰু এগৰীকী কণ্যা সন্তান এৰি থৈ গৈছে ৷













