ASSAM TIMES POST
নগাঁও:নগাঁও জিলাৰ বিশিষ্ট সমাজ কৰ্মী তথা সাংস্কৃতিক কৰ্মী মহেশ্বৰ শৰ্মা বৰঠাকুৰ ( ৮৭ )ৰ আজি দিনৰ ১১: ৪৫ বজাত পৰলোকপ্ৰাপ্তি ঘটে । নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বিৰহ বেবেজীয়াৰ নিবাসী তথা সমাজ সংগঠক মহেশ্বৰ শৰ্মা বৰঠাকুৰ কেইদিনমান পূৰ্বে উচ্চ ৰক্ত চাপ জনিত ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে নগাঁৱৰ এখন চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও ২৬ এপ্ৰিলত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়ে।
গুৱাহাটীত চিকিৎসাধীন হৈ থকা বৰঠাকুৰক আজি পুৱাৰ ভাগত পৰিয়ালৰ লোকে নগাঁৱলৈ ওভতাই আনি এখন নাৰ্চিংহোমত ভৰ্ত্তি কৰাই যদিও কিছু সময়ৰ পিচতে তেওঁৰ মৃত্যু হয়। ১৯৩৩ চনৰ ১২ অক্টোবৰত বিৰহ বেবেজীয়াত জন্ম গ্ৰহন কৰা বৰঠাকুৰে মৃত্যুৰ কেইদিনমান আগলৈকে বিভিন্ন সামাজিক কাম কাজৰ লগতে ৰাজহুৱা জীৱনৰ লগত জড়িত আছিল।
তেওঁ বেবেজীয়াত ৩০ খন বিছনাযুক্ত চিকিৎসালয় স্থাপন কৰা, অসম নাট্য সন্মিলনৰ বেবেজীয়াত থকা মূল কাৰ্যালয়ৰ “নাট তীৰ্থ ” প্ৰকল্প নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। বৰঠাকুৰে ভাৰতীয় জীৱন বীমা নিগমৰ নগাঁৱৰ কাৰ্যালয়ৰ সম্প্ৰসাৰণ বিষয়া হিচাপে দক্ষতাৰে সেৱা আগবঢ়াই ১৯৯৬ চনত অৱসৰ গ্ৰহন কৰিছিল ।
ছাত্ৰ জীৱনৰ পৰাই সমাজ সেৱাৰ লগত জড়িত বৰঠাকুৰ বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয়, বেবেজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেবেজীয়া উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, বেবেজীয়া দূৰ্গা পূজা সমিতি, নগাঁও জিলা ব্ৰাক্ষণ সমাজ, শ্ৰীমন্ত শংকৰ মিশ্যন, নগাঁও সংস্কৃতি ভাষা বিকাশ মঞ্চ, নগাঁও আইন মহাবিদ্যালয়, শেনচোৱা শিশু বিদ্যা নিকেতন, মাহৰিআটি হৰি হৰ মন্দিৰকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল।
মনে-প্রাণে সমাজৰ উন্নয়ণত আত্ম নিয়োগ কৰা এই গৰাকী সমাজহিতৈষী ব্যক্তিয়ে এটা সময়ত অঞ্চলটোৰ ৰাইজৰ মাজত শিক্ষা প্ৰসাৰৰ বাবে বাতৰি কাকত বিতৰণ কৰি সেৱা আগবঢ়াইছিল। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে জন্মস্থান বিৰহ বেবেজীয়াৰ লগতে নগাঁৱত শোকৰ ছাঁ পৰে। ভালেসংখ্যক গুনমুগ্ধৰ আৰু বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ লগতে বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা আদিয়ে তেওঁৰ ঘৰত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
মহেশ্বৰ শৰ্মা বৰঠাকুৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে আমি এজন প্ৰকৃত সমাজ সেৱক হেৰুৱালো। তেওঁ সকলোৰে লগত মিলিব পৰা নম্ৰ স্বভাৱৰ ব্যক্তি আছিল। এনে এজন ব্যক্তিক হেৰুৱাই মই মৰ্মাহত হৈছো।
প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই গভীৰ শোক প্ৰকাশ কৰি কয় যে তেওঁ মোৰ অভিভাৱক স্বৰূপ আছিল। ওৰেটো জীৱন তেওঁ সমাজৰ হকে কাম কৰি গ’ল। প্ৰকৃতাৰ্থত তেওঁ সমাজ হিতৈশী আৰু সৰবৰহী ব্যক্তি আছিল ।তেওঁৰ মৃত্যুত সমাজৰ বাবে অপূৰণীয় ক্ষতি ।
বৰঠাকুৰৰ মৃত্যুত প্ৰাক্তন বিধায়ক ডা: দূৰ্লভ চমুৱা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, নগাঁও জিলা সাহিত্য সভা, নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, বেবেজীয়া প্ৰেছ ক্লাৱ, নগাঁৱৰ কল্লোল সাংস্কৃতিক গোষ্ঠী, অম্লান গোষ্ঠী, ভাৰতীয় জীৱন বীমা নিগম, এল আই চি এজেন্ট সংস্থা, বেবেজীয়া আঞ্চলিক ব্ৰাহ্মণ সমাজ, নগাঁও প্ৰেছ ক্লাৱকে ধৰি নগাঁও আৰু বেবেজীয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
মৃত্যুৰ সময়ত তেওঁ পত্নী, অধিবক্তা পুত্ৰ মুকুল বৰঠাকুৰ সহ দুই পুত্ৰ আৰু তিনি কন্যাকে ধৰি ভালেসংখ্যক আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় । আজি বিয়লি সামাজিক দূৰত্ব বজাই তেওঁৰ নশ্বৰ দেহৰ শেষকৃত্য সম্পন্ন কৰা হয় ।













